
তাজমহল চোৱাৰ হেঁপাহ ইমানেই তীব্ৰ আছিল যে চাৰিজন কিশোৰে চখ পূৰণৰ বাবে চাইকেল বিক্ৰী কৰি দিয়ে।আৰক্ষীৰ সূত্ৰ অনুসৰি কানপুৰৰ চাৰিজন কিশোৰে ঘৰত কাকো খবৰ নিদিয়াকৈ আগ্ৰালৈ গুচি যায়। চাৰিজন বন্ধুৰ এজনে মাত্ৰ ৪০০ টকাত চাইকেল বিক্ৰী কৰে।
সেই টকাৰে চাৰি বন্ধুৱে আগ্ৰালৈ যাত্ৰা কৰে৷ আগ্ৰা ষ্টেচনৰ পৰা এখন অটো ভাড়াত লয়। কিন্তু তেওঁলোকৰ জমা টকা তাতেই শেষ হয়।
তেনেদৰেই গৈ তাজমহল পালেও চাৰিও কিশোৰে কিন্তু তাত প্ৰৱেশ কৰিব নোৱাৰিলে। কাৰণ প্ৰৱেশ মাচুল তেওঁলোকৰ পকেটত নাছিল। কিন্তু তেওঁলোকো সহজে হাৰমনা ভকত নহয় ।
ইয়াৰ পিছতে চাৰিওজন বন্ধুৱে ধন সংগ্ৰহৰ বাবে আগ্ৰা ষ্টেচনৰ বাহিৰৰ এখন হোটেলত কাম আৰম্ভ কৰে। ৩০০ টকাত হোটেলৰ কাম লয়।
ইফালে ল’ৰাকেইজনক বিচাৰি নোপোৱাত চাৰিওজনৰ ঘৰত চিন্তা হয়। তেওঁলোকৰ পিতৃ-মাতৃয়ে কানপুৰ আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰে।
আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই খবৰ লাভ কৰাৰ পিছতে কানপুৰৰ আৰক্ষী আয়ুক্তই সেই স্থানত উপস্থিত হয়। তেওঁ প্ৰতিবাদকাৰী অভিভাৱকসকলক আশ্বস্ত কৰে। চাৰিওজনক বিচাৰিবলৈ আৰম্ভ কৰে আৰক্ষীয়ে।
কিন্তু বেছি বিচাৰিবলগা হোৱা নাছিল। টিকট নোলোৱাকৈ ৰে’লযোগে কানপুৰলৈ উভতি আহে চাৰি বন্ধু। মাক-দেউতাকৰ ভয়ত কোনোৱেই ঘৰত সোমাবলৈ সাহস কৰা নাছিল। পিছত আৰক্ষীয়ে তেওঁলোকক ঘৰলৈ লৈ যায়।











