![]()
শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ UGC য়ে প্ৰকাশ কৰিছে ২১ খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা। এই বিশ্ববিদ্যালয় সমূহে কোনো ডিগ্ৰী প্ৰদান কৰিব নোৱাৰে। ভুৱা বিশ্ববিদ্যালয়ৰ এই তালিকাত দিল্লীৰ স্থান প্ৰথম আৰু দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ।
আয়োগে ভুৱা বিশ্ববিদ্যালয়সমূহৰ ওপৰত এক ৰাজহুৱা জাননীৰ জৰিয়তে শিক্ষাৰ্থী আৰু সাধাৰণ ৰাইজক জনাইছে যে দেশৰ বিভিন্ন প্ৰান্তত ২১ টা স্ব-নিৰ্মিত, অস্বীকৃত প্ৰতিষ্ঠান চলি আছে যিবোৰে বিশ্ববিদ্যালয় অনুদান আয়োগ আইন, ১৯৫৬ৰ উলংঘা কৰি আছে।
এই ২১ খন ভুৱা বিশ্ববিদ্যালয়ৰ ভিতৰত আঠখন দিল্লীত, চাৰিখন উত্তৰ প্ৰদেশত, দুখনকৈ পশ্চিম বংগ আৰু উৰিষ্যাত থকাৰ বিপৰীতে কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশত এখন আছে।
ৰাজহুৱা জাননীখনত উল্লেখ কৰা মতে বিশ্ববিদ্যালয় অনুদান আয়োগ আইন ১৯৫৬ৰ অনুচ্ছেদ ২২(১) অনুসৰি কেৱল বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুচ্ছেদ ৩-ৰ অধীনত স্থাপিত কেন্দ্ৰীয়, ৰাজ্যিক, প্ৰাদেশিক আইন বা বিবেচিত বিশ্ববিদ্যালয়ৰ অধীনত স্থাপিত বিশ্ববিদ্যালয়বোৰেহে ডিগ্ৰী প্ৰদান কৰিব পাৰে যাক সংসদীয় আইনৰ দ্বাৰা ডিগ্ৰী প্ৰদান কৰিবলৈ বিশেষভাৱে ক্ষমতা প্ৰদান কৰা হৈছে।
বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুচ্ছেদ ২৩ মতে ওপৰোক্ত বোৰৰ বাহিৰে আন যিকোনো প্ৰতিষ্ঠানৰ দ্বাৰা ‘বিশ্ববিদ্যালয়’ শব্দটো ব্যৱহাৰ কৰাটো নিষিদ্ধ।











