![]()
আজি পুৱতি নিশা ডিফুৰ সমীপৰ পানবাৰীত ৰেল লাইনত এজন যুবকৰ ছিন্ন- ভিন্ন মৃতদেহ উদ্বাৰ কৰে ৰেল আৰক্ষীয়ে ৷ ৰেলআৰক্ষীৰ সূত্ৰে জানিব পৰা মতে স্হানীয় লোকৰ পৰা খবৰ লাভ কৰি আজি পুৱাতিনিশা পানবাৰী ৰেলপথৰ পৰা যুবকজনৰ মৃতদেহটো উদ্বাৰ কৰিবলৈ সক্ষম হয়৷
মৃতদেহটো ডিফু থানা এলেকাৰ ৰংমিৰ্দানৰ ধৰ্মেন্দ ছেত্ৰীৰ পুত্ৰ গোবিন্দ ছেত্ৰী (৩২) বুলি চিনাক্ত কৰা হৈছে৷ আনহাতে গোবিন্দ ছেত্ৰীৰ পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি গোবিন্দ ছেত্ৰী যোৱা কালি ডিফু লাস্ট পানবাৰীত নিজৰ বাইদেউৰ ঘৰত ফুৰিবলৈ আহিছিল৷ অৱশ্যে কোনখন ৰেলৰ তলত পৰি যুবকজনৰ মৃত্যু হল সেই বিষয়ে জানিব পৰা হোৱা নাই৷













