![]()
‘নিচামুক্তি কেন্দ্ৰৰ পৰিদৰ্শন কৰি ভয়ংকৰ পৰিৱেশ দেখিছোঁ।চাৰিটা কোঠাত ৬০গৰাকী লৰা-ছোৱালীক গৰু-গাহৰি দৰে ৰাখিছে’- গুৱাহাটী কমাৰ্চস্থিত প্ৰিচ ৱেলনেছ নিচামুক্তি কেন্দ্ৰ ছাদেন ভিজিত কৰি এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকা।
মন্ত্ৰী গৰাকীয়ে আজি কেন্দ্ৰটো পৰিদৰ্শন কৰি তাৰ পৰিৱেশ দেখি খঙত অগ্নিশৰ্মা হৈ পৰে।কেন্দ্ৰটো মালিকক অন কেমেৰা জবাবদিহি কৰে মন্ত্ৰী গৰাকীয়ে।ইফালে কেন্দ্ৰটোৰ অ-স্বাস্থ্যকৰ পৰিৱেশ দেখি খঙত অগ্নিশৰ্মা হৈ মন্ত্ৰী জনে কয়- মানুহ এনেকৈ নিচামুক্তি কেন্দ্ৰত ভাল হ’ব নোৱাৰে।নিচামুক্তি কেন্দ্ৰৰ নামত ড্ৰাগছ আসক্ত লৰা -ছোৱালীক বিপদত পেলাবলৈ দিয়া নহব।ড্ৰাগছ আসক্ত লৰা-ছোৱালী আমাৰেই তেওঁলোকক মৰিবলৈ এৰি দিব নোৱাৰো।
আনহাতে নিচামুক্তি কেন্দ্ৰসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি মন্ত্ৰী হাজৰিকাই কয়-নিচামুক্তি কেন্দ্ৰ চলাবলৈ মানিব লাগিব চৰকাৰৰ এছ অ’ পি।শীঘ্ৰে এই সন্দৰ্ভত জাৰি কৰা হ’ব এছ অ’ পি।কেন্দ্ৰ খুলিবলৈ ল’ব লাগিব চৰকাৰৰ অনুমতি।এটা ৰূমত কিমানজন মানুহ ৰাখিব পাৰিব তাৰো নিয়ম বান্ধি দিয়া হ’ব।
ইফালে এই সন্দৰ্ভত শনিবাৰে গুৱাহাটীসকলো নিচামুক্তি কেন্দ্ৰৰ মালিকৰে মন্ত্ৰী গৰাকীয়ে বহিব আলোচনাত।পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ অসমৰ নিচামুক্তি কেন্দ্ৰ মালিকৰে হ’ব আলোচনা।মালিকসকলক সকীয়নী প্ৰদান কৰি মন্ত্ৰী হাজৰিকাই কয়- নিচামুক্তি কেন্দ্ৰৰ নামত লুণ্ঠন কৰি মানুহক বিপদত পেলাব নোৱাৰিব।নিয়ম পালন কৰি নিচামুক্তি কেন্দ্ৰ খোলা বাবে মই প্ৰথম আহ্বান জনাম।
একোটা কোঠাত ১৫-২০টা মানুহক গৰু-গাহৰিৰ দৰে ৰাখিবলৈ দিয়া নহব।চিকিৎসক আৰু ঔষধৰ যোগান নিয়মীয়া হ’ব লাগিব।উপযুক্ত খোৱা-বোৱাৰ যোগান ধৰিছে নাই তাৰো পৰীক্ষা হ’ব।নিয়ম ভংগ কৰা বা সুবিধা নথকা নিচামুক্তি কেন্দ্ৰসমূহ বন্ধ কৰিব লাগিব- এই কথা জনাই মন্ত্ৰী গৰাকীয়ে।













