![]()
২০১০ চনত কৰ্পৰেট লবীষ্ট নিৰা ৰাদিয়াৰ সৈতে জড়িত অডিঅ’ টেপ লিক হোৱাৰ তদন্ত বিচাৰি ৰতন টাটাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। আঠ বছৰৰ পাছত হʼব এই বিষয়টোৰ ওপৰত শুনানি। টেপবোৰ ফাদিল হোৱাৰ ফলত তেওঁৰ গোপনীয়তাৰ অধিকাৰ উলংঘা হৈছে বুলি দাবী কৰে ৰতন টাটাই।
উল্লেখ্য, ২০১১ চনত ৰতন টাটাই এই গোচৰৰ শুনানিৰ বাবে আবেদন কৰিছিল। উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শেষ শুনানি ২০১৪ চনত হৈছিল। আঠ বছৰৰ পাছতো উচ্চতম ন্যায়ালয়ত সেই গোচৰৰ শুনানি অব্যাহত আছে।
এদশক পূৰ্বে দেশৰ উদ্যোগপতি, সাংবাদিক, চৰকাৰী বিষয়াৰ সৈতে নীৰাৰ টেলিফোনিক কথা-বতৰা ক’ৰ তদন্তৰ অংশ হিচাপে ৰেকৰ্ড কৰা হৈছিল। ২০১২ চনৰ আগষ্ট মাহত ৰতন টাটাই চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনৰ প্ৰতিলিপি বিচাৰিছিল। কোৱা হৈছিল যে কেনেকৈ ফোনৰ কথোপকথন লিক হʼল। বিতৰ্কৰ বাবেই ‘ৰাদিয়া টেপʼ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে।
২০১০ চনত নীৰাৰ সৈতে ৰতনৰ টেলিফোনিক বাৰ্তালাপে সংবাদ মাধ্যমত স্থান লাভ কৰিছিল। ইয়াৰ পিছতে ৰতন টাটাই চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপে। তেওঁলোকে যুক্তি দিছিল যে এনে টেপ মুকলি কৰিলে তেওঁলোকৰ গোপনীয়তাৰ অধিকাৰ উলংঘা কৰা হয়।
উল্লেখ্য, ২০১৭ চনৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এক ঐতিহাসিক ৰায় দিয়ে। ৰায়দানত শীৰ্ষ আদালতে কয় যে গোপনীয়তা এজন ব্যক্তিৰ সাংবিধানিক অধিকাৰ। ৯ জনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে ৰায় দিয়ে। কিন্তু চৰকাৰৰ বাবে ই এক বৃহৎ বিপৰ্যয়ৰ সৃষ্টি কৰিছিল। চৰকাৰে যুক্তি দিছিল যে সংবিধানে গোপনীয়তাক এক অত্যাৱশ্যকীয় মৌলিক অধিকাৰ হিচাপে স্বীকৃতি নিদিয়ে।











