![]()
দিল্লী বিমানবন্দৰৰ পৰা যাত্ৰীৰ সৈতে উৰা মাৰিছিল স্পাইচজেটৰ এখন বিমান। কিন্তু আধা ৰাস্তা যোৱাৰ পাছত পুনৰ দিল্লীলৈ উভতি আহিব লগা হয়৷ বৃহস্পতিবাৰে পুৱা এই ঘটনাত বিমানখনৰ যাত্ৰীসকলে চূড়ান্ত কষ্ট ভুগিবলগীয়া হয়।
উল্লেখ্য, স্পাইচজেট বিমান SG-8363 দিল্লীৰ পৰা নাছিকলৈ ৰাওনা হৈছিল। বিমান সংস্থাটোৱে জনোৱা মতে, তেওঁলোকে মাজ ৰাস্তাত বিমানখনত এটা যান্ত্ৰিক বিসংগতি লক্ষ্য কৰে। প্ৰায় লগে লগে তেওঁলোকে ৰিস্ক নোলোৱাকৈ উভতি অহাৰ সিদ্ধান্ত লয়।
পিছত ডি জি চি এয়ে এক বিবৃতিত কয় যে অটোপাইলট ব্যৱস্থাৰ যান্ত্ৰিক বিজুতিৰ বাবে বিমানখন পুনৰ দিল্লীলৈ অনা হৈছে। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন। যাত্ৰীসকলো সুৰক্ষিত বুলি তেওঁলোকে জনায়।
উল্লেখ্য, যোৱা কেইমাহমানৰ পৰা স্পাইচজেট বিমানত এটাৰ পিছত আন এটা ব্যাঘাত জন্মিছে। বৃহস্পতিবাৰৰ পুৱাও সেই একেই ঘটনা সংঘটিত হয়। যʼত বিমানখনৰ অটোপাইলট ব্যৱস্থাটোতেই বিঘিনি ঘটে। মন কৰিবলগীয়া যে ইয়াৰ মাজতে সোমবাৰে অৱতৰণ কৰাৰ সময়ত স্পাইচজেটৰ এখন বিমানৰ টায়াৰ ফাটি গৈছিল।
আনহাতে, অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক ডিজিচিএই এইবোৰৰ বাবে ইটোৰ পিছত সিটো বিমানৰ ত্ৰুটিৰ ঘটনাত স্পাইচজেটৰ বিমান পৰিবহণ নিয়ন্ত্ৰণলৈ আনিছিল। যোৱা জুলাই মাহত আঠ সপ্তাহৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছিল।
ইয়াৰ পূৰ্বে ১৯ জুনৰ পৰা ৫ জুলাইলৈকে স্পাইচজেটৰ বিমানত কমেও আঠবাৰ বিমান সেৱা ব্যাহত হৈছিল। মন কৰিবলগীয়া যে যোৱা এই মাহত এই নিয়ন্ত্ৰণৰ ব্যৱস্থা থকাৰ সময়তো কেইবাখনো বিমান বিজুতিৰ ঘটনা ঘটে।











