![]()
যোৱা 22 আগষ্টত বকলীয়াঘাট নগৰত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতিৰ ঘটনাত জড়িত থকা তিনিটাকৈ দুৰ্ধৰ্ষ ঠাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। যোৱানিশা বকলীয়াঘাট আৰক্ষীৰ এটা দলে অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত অভিযান চলাই ডকাইতকেইটাক আটক কৰিবলৈ সক্ষম হয়।
ধৃত ডকাইতকেইটা ক্ৰমে বকলীয়াঘাট 2 নং নাম বকলীয়াৰ আফজল হুছেইন, মকবুল হুছেইন আৰু চিকাৰী পথাৰৰ জয়নাল উদ্দিন বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে আফজল হুছেইন নামৰ দুৰ্ধৰ্ষ ডকাইতটো পূৰ্বে মটৰচাইকেল চুৰিৰ গোচৰত দুবাৰকৈ গ্ৰেপ্তাৰ হোৱাৰ লগতে আৰক্ষীৰ হাতত গুলীবিদ্ধ হৈছিল বুলি জানিব পৰা গৈছে।
স্মৰ্তব্য যে, যোৱা 22 আগষ্টত বকলীয়াঘাট নগৰৰ আটিগাঁৱৰ ৰোহিত গাৰ্গ নামৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীগৰাকীৰ ঘৰত মাজনিশা ঘৰৰ তলা ভাঙি প্ৰৱেশ কৰি প্ৰায় 12 লক্ষাধিক টকা লুট কৰি নিয়ে। হাতে হাতে পিষ্টল আৰু অন্য চোকা অস্ত্ৰ লৈ অহা ডকাইতৰ দলটোৱে ব্যৱসায়ীজনক আক্ৰমণ কৰি অতি গুৰুতৰভাৱে আহত কৰে। ডকাইতৰ দলটোৰ বাকী সদস্যসকলৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে।













