![]()
বৃহত্তৰ বকলীয়াঘাট এলেকাত নাট্যচৰ্চাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা নক্ষত্ৰ নাট্যগোষ্ঠীৰ সপ্তম বৰ্ষপূৰ্তি আজি পালন কৰা হয়।
এই উদ্দেশ্যে আজি বিয়লি বকলীয়াঘাট আঞ্চলিক যুৱ সংঘ প্ৰাংগণত অখিল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৰ্ষপূৰ্তি অনুষ্ঠানত আগত সময়ছোৱাত নক্ষত্ৰ নাট্যগোষ্ঠীৰ তৰফৰ পৰা হাতত লʼবলগীয়া বিভিন্ন পদক্ষেপ সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়।
উল্লেখযোগ্য যে, সাংস্কৃতিক ক্ষেত্ৰখনত আগত দিনবোৰত বৰ্ধিত পৰিসৰত কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে নক্ষত্ৰ নাট্যগোষ্ঠীৰ নাম সলনি কৰি নক্ষত্ৰ সাংস্কৃতিক গোষ্ঠী কৰাৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়।













