![]()
দেওবাৰে পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পিছত ৱিকিপিডিয়াত সলনি হʼল অৰ্শদীপ সিঙৰ জন্মস্থান।জনপ্ৰিয় ৱেবচাইটত ভাৰতীয় বলাৰগৰাকীৰ বৰ্ণনাত জাতীয় দলৰ কাষতে লিখা আছে ‘খালিস্তানী’। জন্মস্থানত লিখা আছে মোহালী, পঞ্জাবৰ সৈতে ‘দা গ্ৰেট খালিস্তান’।
খেলপথাৰৰ পৰা ৰাজনৈতিক মজিয়ালৈ বিয়পি পৰিছে বিষয়টো। ইয়াৰ আঁৰত পাকিস্তান জড়িত থকাৰ সন্দেহ কৰিছে কেন্দ্ৰীয় চৰকাৰে। অৰ্শদ্বীপৰ বাবেই দুয়োখন দেশৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। সেয়ে বিষয়টো চোৱাচিতা কৰিছে কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে।
ৱিকিপিডিয়াৰ বিষয়াসকলক জৰুৰী ভিত্তিত মতা হৈছে। সমগ্ৰ ঘটনাটোত স্তম্ভিত হৈ পৰিছে মোদী চৰকাৰ। চৰকাৰে এটা পেনেল গঠন কৰি বিষয়টোৰ তদন্ত কৰিব। তেওঁলোকে ৱিকিপিডিয়াৰ প্ৰতিনিধিক প্ৰশ্ন কৰিব।
এই ঘটনাৰ লগত পাকিস্তানৰ কিবা সম্পৰ্ক আছেনে নাই সেয়াও চোৱা হ’ব। জানিব পৰা মতে, ৱিকিপিডিয়াৰ কিছুমান পৃষ্ঠা যিকোনো ব্যক্তিয়েই সলনি কৰিব পাৰে। সেয়া যিকোনো ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে কৰিব পাৰে। কিন্তু ঘটনাৰ ১৫ মিনিটৰ ভিতৰতে ৱিকিপিডিয়া কৰ্তৃপক্ষই ‘খালিস্তানী’ লিখাটো আঁতৰাই পেলায়।











