ASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ অন্যতম ক্ৰীড়া সংগঠক মিলন জ্যোতি সংঘৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সৌজন্যত অহা ইং ১৫ নবেম্বেবৰ পৰা ২৪ নবেম্বৰ ২০১৯ তাৰিখলৈ অনুস্থিত হ’বলগা ‘একাদশ ডিব্ৰুগড় গ্ৰন্থমেলাৰ’ লাইখুটা আজি এক মাংগলিক কাৰ্যসূচীৰে চৌকিডিঙী খেলপথাৰত স্থাপন কৰা হয়।
ৰাষ্ট্ৰপতিৰ বঁটা প্ৰাপক তথা কৃৰ্তী শিক্ষক,সমাজ সংগঠক, শিক্ষাবিদ,লেখক গন্ধেশ্বৰ শইকীয়াই চৌকিডিঙী খেল পথাৰত লাইখুটি স্থাপনৰে গ্ৰন্ঠ মেলাৰ প্ৰাৰম্ভিম কামৰ শুভাৰম্ভ কৰে।মিলনজ্যোতি সংঘ আৰু আয়োজক সমিতিৰ কৰ্মকৰ্তা আৰু বিভিন্ন সংগঠনৰ ব্যক্তি সকলৰ উপস্থিতিত অনুস্থিত হোৱা অনুস্থানটিৰ আঁতধৰে সংঘৰ কাৰ্যকৰী সভাপতি কমল চন্দ্ৰ গগৈয়ে।
লাইখুটা স্থাপক কৃৰ্তী শিক্ষক গন্ধেশ্বৰ শইকীয়াই তেখেতৰ চমু বক্তৃতাৰে আগন্তুক গ্ৰন্থ মেলা খনিৰ সফলতাৰ শুভ কামনা কৰে লগতে উদ্যোক্তা সকলে গ্ৰন্থমেলাকে আদি কৰি আজিলৈকে কৰি অহা সকলো সামাজিক-সাংস্কৃতিক কাৰ্যৰ ভূয়সী প্ৰসংশা কৰে আৰু আজিৰ পৰা পৰৱৰ্তি কাৰ্যসূচী সমূহলৈ সকলোকে শূভাশীষ জ্ঞাপন কৰে।













