
মধ্য প্ৰদেশৰ উমৰীয়া জিলাৰ বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভৰ অৰণ্যৰ গাতে লাগি থকা ৰোহনীয়া জ্বালামুখী গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। হিংস্ৰ বাঘৰ সৈতে যুঁজি নিজ ১৫ মহীয়া সন্তানক বচাবলৈ গৈ আঘাতপ্ৰাপ্ত হয় এগৰাকী মাতৃ।
জানিব পৰা মতে, গাঁওখনৰ ভোলা চৌধুৰীৰ পত্নীয়ে নিজৰ ১৫ মহীয়া সন্তানটোক লৈ ঘৰৰ কাষৰে হাবিখনলৈ পুৱা শৌচ কৰিবলৈ যাওতেই কণমানি শিশুটিক আক্ৰমণ কৰে এটা বাঘে। সেইসময়তে, মাতৃয়ে শিশুটিক বচাবলৈ বাঘৰ সৈতে আপ্ৰাণ যুঁজ কৰাত মহিলাগৰাকীৰ বুকুৱে মুখে আঁচুৰি ৰক্তাক্ত কৰে বাঘটোৱে। অৱশ্যে মাতৃগৰাকীৰ নিৰলস প্ৰচেষ্টাত বাঘটোৱে পৰাজয় স্বীকাৰ কৰি শিশুটিক এৰি সেই স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়।
পৰৱৰ্তী সময়ত সেই স্থানত স্থানীয় লোক গোট খাই গুৰুত্বৰভাৱে আহতপ্ৰাপ্ত মাতৃ আৰু শিশুটিক চিকিৎসাৰ বাবে মানপুৰৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ প্ৰেৰণ কৰে।সমান্তৰালভাৱে বাঘৰ উপস্থিতিৰ বিষয়ে বন বিভাগক ৰাইজে অৱগত কৰাত ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ হাতীৰ সহায়ত বাঘটো খেদি পঠিয়াবলৈ চেষ্টা চলায়।











