![]()
ডিফুৰ লাংমিলিত দেওবাৰে পুৱাৰ ভাগত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন নিহত হোৱাৰ বিপৰীতে দুজন গুৰুতৰভাৱে আহত হোৱাৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷
প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে পুৱা এক অতি মৰ্মান্তিক পথ দুৰ্ঘটনাত কাৰ্বি আংলংৰ ডিফুৰ সমীপৰ লাংমিলিৰ ওচৰত এখন অটো ট্ৰাকে নিয়ন্ত্ৰণ হেৰাই ৰাস্তাৰ তলত নামি পৰি দুৰ্ঘটনাত পতিত হয় ।
মৃত লোকজন খয়া তেৰাঙৰ পুত্ৰ শিৱ তেৰাং, আৰু গুৰুতৰ ভাবে আহত দুজন ক্ৰমে, আগষ্টিন ৰংফাৰৰ পুত্ৰ ৰণবীৰ ৰংফাৰ আৰু কালাম তেৰাঙৰ পুত্ৰ ছং তেৰাং, তিনিওজন ডিফু আৰক্ষী থানাৰ অন্তৰ্গত ধনছিং তেৰাং গাঁৱৰ বাসিন্দা।
তিনিও নাবালক৷ পিছত আহত নাবালককেইজন ডিফু মেডিকেল কলেজ এণ্ড হস্পিতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়। অটো ট্ৰাক চালক জনৰ এতিয়াও কোনো তথ্য নাই বুলি পৰিয়ালৰ লোকে জনায়।













