![]()
উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত ভাৰত আৰু নেপাল সীমান্তৰ নিকটৱৰ্তী লাস্কো নদীত মাজনিশা হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩০ টা বাসগৃহ ধ্বংসপ্ৰাপ্ত হয়।
জিলা দণ্ডাধীশ আশীষ চৌহানে এ এন আইক জনোৱা অনুসৰি, “ডাৱৰ বিস্ফোৰণ কাণ্ডত প্ৰায় ৩০ টা ঘৰ ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হৈছে।”
ধাৰচুলাৰ কালী নৈত যোৱা নিশা হোৱা বানপানীৰ ফলত ধাৰচুলা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত যথেষ্ট ক্ষতিসাধন হৈছে আৰু বহু ঘৰ উটুৱাই নিয়াৰ লগতে বানপানীৰ বাবে একাংশ ঘৰ ক্ষতিগ্ৰস্ত তথা সোঁতৰ ফলত এটা অট্টালিকা ভাঙিছে।
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ দল ঘটনাস্থানত নিয়োজিত হৈ আছে বুলি মন্তব্য কৰে দণ্ডাধীশগৰাকীয়ে। কালী নৈৰ বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতি ভাৰত আৰু নেপাল উভয়ৰে গাঁওসমূহত সংঘটিত হৈছে।
আনহাতে, ইয়াৰ পূৰ্বে ২০ আগষ্টত ডেৰাডুনত একেধৰণৰ ডাৱৰ বিস্ফোৰণৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল কাৰণ প্ৰচণ্ড পানীৰ প্ৰবাহে বিভিন্ন পথৰ ক্ষতি কৰাৰ খবৰ চৰ্চালৈ আহিছিল।
“আমি বিভিন্ন চৌহদত পানী প্ৰৱেশ কৰাৰ লগতে বহু অঞ্চলত পথৰ ক্ষয়-ক্ষতিৰ খবৰ পাইছো। এছডিআৰএফ আৰু এনডিআৰএফে সাহায্য আৰু উদ্ধাৰ আৰু পুনৰুদ্ধাৰ অভিযান চলাই আছে।” বুলি এছডিআৰএফ ডেৰাডুনৰ কমাণ্ডেণ্ট মণিকান্ত মিশ্ৰই প্ৰকাশ কৰে।
উল্লেখ্য যে, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ডেৰাডুনৰ ৰাইপুৰৰ সৰখেট গাঁৱৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। ধামীয়ে ডেৰাডুনকে ধৰি গড়ৱাল সংমণ্ডলত হোৱা ধাৰাসাৰ বৰষুণৰ পিছত সংঘটিত হোৱা বিধ্বংসী ডাৱৰ বিস্ফোৰণ সন্দৰ্ভত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু অন্যান্য প্ৰশাসনৰ বিষয়াসকলক সজাগ হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট সকলো বিভাগক ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে।
গাঁওখনত আবদ্ধ হৈ থকা সকলো লোককে উদ্ধাৰ কৰাৰ বিপৰীতে একাংশই ওচৰৰ এখন ৰিজ’ৰ্টত আশ্ৰয় লৈছে বুলি এছডিআৰএফে প্ৰকাশ কৰে।











