
কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ হ’ব হাওৰাঘাট পৰিষদীয় সমষ্টিৰ সদস্য অজিৎ দে ৷ দীৰ্ঘদিনৰ পৰা বিজেপি দলক পাহাৰত নেতৃত্ব দি অহা অজিৎ দেক এইবাৰ পৰিষদীয় নিৰ্বাচনত হাওৰাঘাট সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল ৷
বিপুল ভোটত জয়ী হোৱা অজিৎ দেক পৰিষদৰ কাৰ্যবাহী সদস্য পদ দিয়াৰ বাবে বিজেপিৰ উচ্চ স্তৰৰ পৰা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক তীব্ৰ হেঁচা দিয়া হৈছিল ৷ কিন্তু সকলোৱে প্ৰথমেই অনুমান কৰিছিল যে অজিৎ দেক পৰিষদৰ উপাধ্যক্ষ পদ দিয়া হ’ব ৷
শনিবাৰে নিশা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ চৰকাৰী বাসভৱনত হোৱা পৰিষদৰ সংসদীয় সমিতিৰ বৈঠকত অজিৎ দেক উপাধ্যক্ষ পদ দিয়াৰ সিদ্ধান্ত সৰ্বসন্মতভাৱে গ্ৰহণ কৰা হয় ৷
কাইলৈ আনুষ্ঠানিক ভাৱে উপাধ্যক্ষ পদৰ বাবে মনোনয়নপত্ৰ দাখিল কৰাৰ পিছত মঙ্গলবাৰে বিনা প্ৰতিদন্দিতাৰে অজিৎ দেক নিৰ্বাচিত হোৱা বুলি পৰিষদৰ অধ্যক্ষ ৰাজু তিচ’ই ঘোষণা কৰিব ৷













