![]()
এটা নিশাৰ ভিতৰত এজন অটো চালক হৈ পৰিল কোটি পতি। অটো চলাই পৰিয়ালটো পোহপাল দিয়া কেৰেলাৰ অটো চালক অনুপে তিৰুৱন্তপুৰমত অনুষ্ঠিত লটাৰী খেলত TJ-750605 নং টিকট কাটি লটাৰী জেকপটৰ গৰাকী হৈ পৰিল। সঁচাকৈ এয়াই হৈছে ভাগ্যৰ খেল।
আজি দুপৰীয়া প্ৰায় ২ বজাত কেৰালাৰ বিত্ত মন্ত্ৰী কে এন বালাগোপালে লাকী ড্ৰ’ৰ পিছতে ঘােষণা কৰে জেকপট লাভ কৰা সৌভাগ্যৱান বিজেতাৰ নাম।
তিৰুৱন্তপুৰমৰ শ্ৰীৱাৰাহামৰ বাসিন্দা অনুপে সাংবাদিকক কয় যে “এই মুহূৰ্তত মই নাজানো এই টকাখিনিৰে কি কৰিব লাগিব। মই কেৱল সুখী। অন্য বিষয়ে মই পিছত চিন্তা কৰিম।
উল্লেখ্য যে, পৱিত্ৰ অনাম উৎসৱ উপলক্ষে এই লটাৰীৰ আয়ােজন কৰা হৈছিল।এই বেলি ৫੦੦ টকাৰ সৰ্বমুঠ ৬৬.৬ লাখ টিকট বিক্ৰী কৰিছিল উদ্যােক্তাসকলে।











