
জীৱনযোৰা সংগীতৰ সাধনাৰে বিশ্বজোৰা খ্যাতি অৰ্জন কৰা অসমীয়াৰ প্ৰাণৰ শিল্পী সুধাকণ্ঠ, ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্ত্তি বকলীয়াঘাট নগৰত স্থাপন কৰাৰ আয়োজন কৰা হৈছে। বকলীয়াঘাট আঞ্চলিক অসমীয়া ভাষিক সন্থাৰ উদ্যোগত স্থাপন হʼবলগীয়া সুধাকণ্ঠৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ বাবে আজি বকলীয়াঘাট নগৰৰ মাজমজিয়াত আজি স্থান নিৰ্ণয় কৰা হয়।
বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত চিৰসেউজ শিল্পীগৰাকীৰ প্ৰতিমূৰ্ত্তি স্থাপন হʼবলগীয়া ভূমিখণ্ড আজি বকলীয়াঘাট পৌৰসভাৰ তৰফৰ কৰা বকলীয়াঘাট আঞ্চলিক অসমীয়া ভাষিক সন্থাক প্ৰদান কৰা হয়।
এই উদ্দেশ্যে আজি পুৱা 9 বজাত আয়োজিত এক বিশেষ অনুষ্ঠানত বকলীয়াঘাট পৌৰসভাৰ অধ্যক্ষ হেমছিং টেৰণ, উপাধ্যক্ষা অনিতা শইকীয়াৰ লগতে পৌৰসভাৰ ৱাৰ্ড সদস্যসকলৰ উপস্থিতিত সুধাকণ্ঠৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ হʼবলগীয়া ভূখণ্ড বকলীয়াঘাট আঞ্চলিক অসমীয়া ভাষিক সন্থাৰ হাতত অৰ্পণ কৰা হয়। ভাষণ প্ৰসংগত বকলীয়াঘাট পৌৰসভাৰ অধ্যক্ষ হেমছিং টেৰণে প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হʼব বুলি উল্লেখ কৰে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অসমীয়া ভাষিক সন্থাৰ সভাপতি অখিল হাজৰিকা, বি এল চি চিৰ অধ্যক্ষ বিপুল বৰা, ভিডিচিৰ অধ্যক্ষ নৰেন কিলিং, বকলীয়াঘাট আঞ্চলিক অসমীয়া ভাষিক সন্থাৰ সভাপতি অকণ হাজৰিকাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে বকলীয়াঘাট আঞ্চলিক অসমীয়া ভাষিক সন্থাৰ সাধাৰণ সম্পাদক অজিত বৰাই।













