![]()
শেহতীয়াকৈ উত্তৰ প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত ঘৰৰ দেৱাল আৰু চাল খহি পৰাত প্ৰায় ২২ জন লোকৰ মৃত্যু হৈছে। এইবাৰ বিহাৰত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত ১১ জন লোকৰ মৃত্যু হয়। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।
মুখ্যমন্ত্রীৰ সচিবালয়ৰ এক বিবৃতি অনুসৰি, পূৰ্ণিয়া আৰু আৰৰীয়া জিলাত ৪ জনকৈ আৰু সুপাল জিলাত ৩ জনকৈ লোকৰ মৃত্যু হৈছে৷ ঘটনাক লৈ শোক প্ৰকাশ কৰি নীতিশ কুমাৰে কয়, “মৃতকৰ পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হʼব।”
প্ৰাকৃতিক দুৰ্যোগৰ ফলত যাতে দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাজ্যবাসীক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিৰ্দেশনা মানি চলিবলৈও মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনায়। দুৰ্যোগৰ সময়ত ঘৰতে থাকিবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। ইফালে নয়ডাত এটা বাসগৃহৰ দেৱাল খহি পৰাত কমেও তিনিজন লোকৰ মৃত্যু হয়।












