![]()
চণ্ডীগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ আইআইটি বম্বে। ছাত্ৰীৰ হোষ্টেলৰ শৌচাগাৰত উকি মাৰি দেওবাৰে গ্ৰেপ্তাৰ হʼল এগৰাকী কেণ্টিন কৰ্মী। গোপনে ছাত্ৰ-ছাত্ৰীৰ চিত্ৰগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযুক্তৰ বিৰুদ্ধে।
তদন্ত অব্যাহত আছে আৰক্ষীৰ।ধৃত কেণ্টিনৰ কৰ্মীগৰাকীক আন এজনী ছাত্ৰীয়ে হোষ্টেলৰ শৌচাগাৰত উকি মাৰি থকা দেখিবলৈ পায়। তেওঁ আৰক্ষীক জনাইছে, “পোক-পৰুৱা মাৰিবলৈ দেওবাৰে কেণ্টিনখন বন্ধ কৰি দিয়া হৈছিল। যদিও সেই সময়ত শ্ৰমিক সকল হোষ্টেলত আছিল। কেইটামান শৌচাগাৰৰ খিৰিকীৰ তলত কৰ্ণিছ আছে।
শ্ৰমিকজনে পাইপটোৰ ওপৰেৰে উঠি টয়লেটৰ খিৰিকীৰে উকি মাৰিবলৈ চেষ্টা কৰি আছিল।”বম্বে আইআইটিৰ মুখপাত্ৰই জনোৱা মতে, হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীসকল সচেতন হোৱাৰ বাবেই অভিযুক্ত ধৰা পৰিছে। অৱশ্যে তেওঁ কোনো ধৰণৰ ভিডিঅʼ লোৱাৰ কোনো প্ৰমাণ পোৱা নাই। সম্প্ৰতি বন্ধ হৈ আছে কেণ্টিনখন।
এতিয়াৰে পৰা তাত কেৱল মহিলা শ্ৰমিকেহে কাম কৰিব। মহিলা নিযুক্তিৰ পিছত পুনৰ মুকলি কৰা হʼব কেণ্টিনখন। কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কথা পাতিছে সুৰক্ষাৰ বাবে আৰু কি কি পদক্ষেপ গ্ৰহণ কৰা হʼব। এফ আই আৰ দাখিল কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত আছে।
উল্লেখ্য, শেহতীয়াকৈ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ মোহালী চৌহদত ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ ফাদিল হোৱাৰ অভিযোগত পৰিবেশ উত্তপ্ত হৈ পৰে। সেই অৱস্থাত আইআইটি বম্বেৰ হোষ্টেলৰ শৌচাগাৰত উকি মাৰা কেণ্টিনৰ কৰ্মীজনক গ্ৰেপ্তাৰ কৰা হয়।











