![]()
জনজাতিকৰণৰ উপৰি দীৰ্ঘদিন ধৰি কেইবাটাও দাবী উত্থাপন কৰি আহিছে কুৰ্মী সম্প্ৰদায়ে। বিগত সময়ত এই বিষয়টোক লৈ আন্দোলনেও সেই স্বীকৃতি নাপালে। সেয়েহে মঙলবাৰে দক্ষিণ-পূব ৰেʼলৱেৰ আদ্ৰা সংমণ্ডলৰ কুষ্টণ্ড ষ্টেচনত কুৰ্মী জনগোষ্ঠীক জনজাতীয় সম্প্ৰদায় হিচাপে অন্তৰ্ভুক্ত কৰাৰ দাবীত ৰেʼল অৱৰোধ আৰম্ভ হয়।
ফলত ৰে’ল সেৱাত বাধাৰ সৃষ্টি হয়। বহু ৰেʼল বাতিল কৰা হৈছে। আনকি ৫ নং ৰাষ্ট্ৰীয় ঘাইপথকো কুৰ্মী জনগোষ্ঠীৰ লোকে অৱৰোধ কৰিছে। পথো বন্ধ হৈ আছে। ভয়াৱহ বিপদত পৰিছে যাত্ৰীসকল। পুৰুলিয়াৰ উপৰি ঝাৰখণ্ড আৰু ওড়িশাতো চলি আছে এই আন্দোলন।
মঙলবাৰে প্ৰতিবাদকাৰীসকলৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত প্ৰতিবাদ-অৱৰোধ অব্যাহত থাকিব বুলি মন্তব্য কৰে। আৰু তেনেকৈয়ে বুধবাৰেও অব্যাহত আছে অৱৰোধ। কুষ্টণ্ড, পশ্চিম মিডনাপুৰৰ খেমাচুলিকে ধৰি কেইবাটাও ষ্টেচন ঘেৰাও কৰা হৈছে। বন্ধ ৰে’লৰ চলাচল।
দক্ষিণ-পূব ৰেʼলৱেৰ মতে, হাওৰা-তিতলাগড় এক্সপ্ৰেছ, ঝাৰগ্ৰাম-ধামুৱা এক্সপ্ৰেছ, ঝাৰগ্ৰাম-পুৰুলীয়া এম ই এম ইউ স্পেচিয়েল, চক্ৰধৰপুৰ-গামো-চক্ৰধৰপুৰ এম ই এম ইউ স্পেচিয়েল, টাটানগৰ-আছানছল এম ই এম ইউ স্পেচিয়েলকে ধৰি কেইবাখনো ৰেʼল বাতিল কৰা হৈছে।











