![]()
বিপদত নৰেন্দ্ৰ মোদী চৰকাৰৰ মন্ত্ৰী নাৰায়ণ ৰাণে। মুম্বাইৰ জুহুত থকা তেওঁৰ বাংলোটো অবৈধভাবে নিৰ্মাণ কৰাৰ কথা পূৰ্বে বৃহনমুম্বাই পৌৰ নিগমে জনাইছিল। আজি মুম্বাই উচ্চ ন্যায়ালয়ে পৌৰসভাক দুসপ্তাহৰ ভিতৰত অবৈধ অংশ ভাঙি পেলাবলৈ নিৰ্দেশ দিয়ে।
ন্যায়াধীশ আৰ ডি ধানুকা আৰু ন্যায়াধীশ কমল খটাৰৰ এখন সংমণ্ডল বিচাৰপীঠে কয় যে ফ্লোৰ স্পেচ ইনডেক্স আৰু উপকূলীয় আইন উলংঘা কৰি কেন্দ্রীয় ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী ৰাণেৰ বাংলোত এই নির্মাণ কার্য সম্পন্ন কৰা হৈছে৷ ৰাণেক লগতে ১০ লাখ টকা জৰিমনা বিহা হৈছে।
দুসপ্তাহৰ ভিতৰত মহাৰাষ্ট্ৰৰ আইনী সেৱা প্ৰাধিকৰণত জমা কৰিব লাগিব এই ধনৰাশি। দুসপ্তাহৰ ভিতৰত পৌৰসভাই অবৈধ নিৰ্মাণৰ কাম ভাঙি আদালতত প্ৰতিবেদন দাখিল কৰিব লাগিব।ৰাণে পৰিয়ালৰ দ্বাৰা পৰিচালিত কোম্পানী কলকা ৰিয়েল এষ্টেটে যোৱা জুন মাহত পৌৰসভাত আবেদন কৰিছিল আৰু চিহ্নিত কৰা অংশটো, সংস্থাটোৱে জুলাই মাহত বৈধ কৰাৰ বাবে অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছিল।
কিন্তু উচ্চ ন্যায়ালয়ে কয়, “পৌৰসভাক সেই দ্বিতীয়খন আবেদন বিবেচনা কৰিবলৈ বা মঞ্জুৰ কৰিবলৈ অনুমতি দিব নোৱাৰিব। কাৰণ তেনে হ’লে অবৈধ নিৰ্মাণত ইন্ধন যোগোৱা হ’ব।” ৰাণেৰ অধিবক্তা চৰ্দুল সিঙে উচ্চতম ন্যায়ালয়ত আপীল দাখিল কৰিবলৈ সময় বিচাৰি মুম্বাই উচ্চ ন্যায়ালয়ত ৬ সপ্তাহৰ বাবে ৰায় স্থগিত ৰাখিবলৈ অনুৰোধ জনায়। সেইটোও মঞ্জুৰ নহ’ল।











