![]()
বুধবাৰে চোৰাংচোৱা সংস্থাই মুম্বাইকে আদি কৰি পাটনা, দিল্লীত অভিযান চলাই ৬৫.৪৬ কেজি চোৰাং সোণ জব্দ কৰিবলৈ সক্ষম।উক্ত সংস্থাটোৱে চুবুৰীয়া উত্তৰ-পূবৰ দেশসমূহৰ পৰা চোৰাং ভাৱে সৰবৰাহ কৰা প্ৰায় ৩৩.৪০ কোটি টকাৰ ৩৯৪ খন বিদেশী মূলৰ সোণৰ বিস্কুট জব্দ কৰে।
এই সোণ জব্দ সন্দৰ্ভত ডিআৰআইয়ে তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে, সমগ্ৰ দেশৰ তিনিটা ভিন্ন স্থানৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ কৰাৰ পিছত ডি আৰ আইয়ে কেইবাজনো লোককো আটক কৰিবলৈও সক্ষম হৈছে।











