![]()
উত্তৰাখণ্ডৰ ঋষিকেশ জিলাত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দেহ বিক্ৰীৰ বাবে মান্তি নোহোৱাৰ ফলত বনন্তৰা ৰিজৰ্টত ৰিচিপশ্যনিষ্ট হিচাবে কৰ্মৰত অংকিতা ভাণ্ডাৰী নামে ১৯ বছৰীয়া যুৱতীগৰাকীক নিৰ্মমভাৱে হত্যা কৰা হয়।
৫ দিনৰ বাবে সন্ধানহীন হৈ থকাৰ পিছত পৰিয়ালৰ লোকে দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলোৱাৰ ফলত হত্যাৰ ৰহস্য পোহৰলৈ আহে। এই হত্যাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি বিধায়কৰ পুত্ৰ সহ তিনিজনক। ৰিজ’ৰ্টৰ স্বত্বাধিকাৰ তথা বিজেপি বিধায়কৰ পুত্ৰয়েই পৰিকল্পতিভাৱে যুৱতীগৰাকীক হত্যা কৰা বুলি তদন্তত পোহৰলৈ আহিছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰ তথা উত্তৰাখণ্ডৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী বিনোদ আৰ্য, মেনেজাৰ সৌৰভ ভাস্কৰ আৰু অংকিতক গ্ৰেপ্তাৰ কৰি জেৰা চলাওতে তিনিওজনে হত্যাৰ কথা স্বীকাৰ কৰে।
অভিযুক্তই জনোৱা মতে, অংকিতাই ৰিজ’ৰ্টলৈ অহা গ্ৰাহকৰ ওচৰত দেহ বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰিছিল। যাৰ বাবে তিনিওজনে মিলি অংকিতাক হত্যা কৰে আৰু মৃতদেহটো চিলা শক্তি খালত পেলাই দিয়ে। অভিযুক্তৰ এই স্বীকাৰোক্তিৰ পিছতে আৰক্ষীয়ে চিলা শক্তি খালত যুৱতীগৰাকীৰ মৃতদেহ বিচাৰি এছডিআৰএফ বাহিনীৰ সহযোগত অভিযান অব্যাহত ৰাখিছে। অংকিতা ভাণ্ডাৰীৰ পৰিয়ালৰ লোক ঝুলা লক্ষ্মণ থানাত উপস্থিত হৈ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে।











