![]()
অসম নাগালেণ্ড সীমান্তৰ খটখটী এলেকাত মুছলমান সম্প্ৰদায়ৰ মাজত শিক্ষাৰ পোহৰ বিলাবলৈ মুছলিম ছাত্ৰ সন্থা অসম কাৰবি আংলং জিলা সমিতিয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ।মুছাৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মইনুল হুছেইন আৰু কাৰ্যকৰী সভাপতি আছাদউদ্দিন আহমেদৰ বিশেষ উদ্যোগত খটখটিৰে ছানশ্বাইনৰ নামৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক বৃন্দক সম্বৰ্ধনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, লাহৰিজান আৰু খটখটি এলেকাৰ আৰ্থিক ভাবে জুৰুলা ছাত্ৰী ছাত্ৰী সকলক ছানশ্বাইন ইংলিছ স্কুলত বিনামূলীয়াকৈ নাম ভৰ্তি কৰি দিয়া আৰু বিদ্যালয়খনত অসমীয়া বিষয়কো অন্তৰ্ভূক্ত কৰাৰ বাবে মুছাই বিদ্যালয় খনৰ শিক্ষক সমাজক বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰে. ইয়াৰোপৰি অঞ্চলটোৰ একাংশ সাংবাদিককো ফুলাম গামোছা আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
বিদ্যালয় খনৰ প্ৰধান শিক্ষক আৰিফুৰ ৰহমানৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত মুছাৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মইনুল হুছেইন ওঝা, কাৰ্যকৰী সভাপতি আছাদ উদ্দিন আহমেদ, উপ সভাপতি মেহেৰ শিকদাৰ, সাংবাদিক ছাইদুল ইছলাম, আনন্দ তেৰাঙ, এজেৱাইচিপিৰ বোকাজান আঞ্চলিকৰ সভাপতি ৱাইচং তেৰাঙ… মুছাৰ উপদেষ্টা মণ্ডলী আৰু কেইবাগৰাকী সাংবাদিককো সম্বৰ্ধনা জ্ঞাপন কৰে।
নিজৰ ভাষণ প্ৰসংগত মুছাৰ ৰাজ্যিক সাধাৰণ সম্পাদক আশিক ৰাব্বানিয়ে কয়যে, অতিকৈ পিছপৰা অসমৰ মুছলমান সমাজৰ আৰ্থিক, সামাজিক, শৈক্ষিক দিশত উন্নয়ণ সাধন কৰিবলৈ ২০০৫ চনত মুছাৰ জন্ম হৈছিল. তেতিয়াৰ পৰা মুছাই মুছলমান সকলৰ জাতীয় স্বাৰ্থৰ বাবে কাম কৰি আহিছে।
বিদ্যালয় সমূহত অসমীয়া মাধ্যমৰ শিক্ষা গ্ৰহণ কৰাৰ ওপৰত মন্তব্য কৰি নেতা গৰাকীয়ে কয়যে, এক বিন্দু তেজ থকালৈকে মুছাই অসমীয়া ভাষা শিক্ষা প্ৰসাৰৰ বাবে কাম কৰি যাব. মুছলিম সমাজৰ বাল্যবিবাহ, নিচাযুক্ত সামগ্ৰীৰ ব্যৱহাৰ কমাই এখন সুস্থ সমাজ গঢ়িবলৈ আহ্বান জনায়. খটখটিৰ ছানশ্বাইন ইংৰাজীস্কুলত অসমীয়া বিষয়টো শিক্ষাদান হিচাপে লোৱাটো প্ৰসংসাৰ যোগ্য বুলি কয়।
এন্ড্ৰয়ড মোবাইল ব্যৱহাৰৰ দিশটোত অভিভাৱকে সতৰ্কতা অৱলম্বন কৰাৰ বাবে পৰামৰ্শ দিয়ে. আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত খটখটিৰে ছানশ্বাইন স্কুলৰ প্ৰধান শিক্ষক গৰাকীয়ে কয়যে, অনান্য ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহত কেৱল ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰদান কৰা হয় যদিও ছানশ্বাইন ইংৰাজী স্কুলত মাতৃভাষা শিক্ষা সমান্তৰালকৈ প্ৰদান কৰিবলৈ তেওঁৰ সপোন আছিল।
আনহাতে বিদ্যালয় খনত অসমীয়া বিষয়ো সমান্তৰাল কৈ আগবঢ়াই নিষ্কাম প্ৰচেষ্টা হাতত লোৱাৰ বাবে ছানশ্বাইন ইংৰাজী স্কুলৰ শিক্ষকবৃন্দক কৃতজ্ঞতা জ্ঞাপন কৰে. আনহাতে সভাত উপস্থিত থকা সাংবাদিক আনন্দ তেৰাঙ আৰু এজেৱাইচিপিৰ বোকাজান আঞ্চলিকৰ সভাপতি ৱাইচং তেৰাঙেও বহুমূলীয়া ভাষণ প্ৰদান কৰে।













