![]()
অপৰাধীক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত তেওঁলোকৰ অবৈধ ৰিজৰ্টত বুলডজাৰেৰে ভাঙি পেলোৱাৰ ছবি সমগ্ৰ দেশতে শেহতীয়াকৈ দেখা দিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ দৰে বিজেপি (ভাৰতীয় জনতা পাৰ্টী) শাসিত ৰাজ্যসমূহত এনে ঘটনা সততে মানুহে প্ৰত্যক্ষ কৰি আহিছে আৰু এইবাৰ উত্তৰ প্ৰদেশৰ দৰেই পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰাখণ্ডৰ প্ৰশাসনেও।
এই গোচৰত অংকিতা ভাণ্ডাৰী নামৰ এগৰাকী মহিলাক প্ৰথমে নিৰ্যাতন চলাই তাৰ পিছত হত্যা কৰাৰ পিছতে, ৰাজ্য প্ৰশাসনে বিজেপি নেতাৰ পুত্ৰৰ ৰিজৰ্টত বুলডজাৰ চলায়। এই ঘটনাটো ইতিমধ্যে সমগ্ৰ দেশতে বিয়পি পৰিছে। সাম্প্ৰতিক সময়ত উত্তৰ প্ৰদেশত অপৰাধীক দমন কৰাৰ স্বাৰ্থত যোগী আদিত্যনাথৰ প্ৰশাসনে প্ৰথমে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তাৰ পিছত অবৈধ নিৰ্মাণ সমূহ ভাঙি পেলোৱা দেখা গৈছে আৰু এইবাৰ উত্তৰাখণ্ডতো একে ঘটনা সংঘটিত হয়।
কেনেকৈ হ’ল এই ঘটনাৰ সূত্ৰপাত? শেহতীয়াকৈ উত্তৰাখণ্ডৰ ঋষিকেশত বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্য্যই প্ৰথমে ৰিজৰ্টৰ এগৰাকী মহিলাক কৰ্মীক নিৰ্যাতন চলোৱাৰ পিছত হত্যা কৰাৰ অভিযোগ উত্থাপন হয়। ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে।
সূত্ৰ অনুসৰি, অভিযোগ উত্থাপন হোৱাৰ লগে লগে উত্তৰাখণ্ড প্ৰশাসন সক্ৰিয় হৈ পৰে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে অভিযুক্তক গ্ৰেপ্তাৰৰ লগতে ৰিজৰ্টখন ভাঙিবলৈ নিৰ্দেশ দিয়ে। তেওঁৰ নিৰ্দেশ অনুসৰি ঋষিকেশৰ ভান্তৰা ৰিজৰ্টখন এতিয়া বুলডজাৰেৰে ভাঙি পেলোৱা হৈছে।
এই প্ৰেক্ষাপটত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে কয়, “শেহতীয়াকৈ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ঘটনাটোত কোনো ধিক্কাৰৰ বাক্য নাই। দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হʼব। এই ক্ষেত্ৰত এখন আসন গঠন কৰা হৈছে আৰু তেওঁলোকে তদন্তৰ জৰিয়তে ন্যায় কৰিব।” উল্লেখযোগ্য যে অংকিতাৰ হত্যাকাণ্ডৰ সৈতে জড়িত পুলকিত আৰ্য্যৰ লগতে ক্ৰমে সৌৰভ ভাস্কৰ আৰু ৰিজৰ্টখনৰ মেনেজাৰ আৰু সহকাৰী মেনেজাৰ অংকিত গুপ্তাক আটক কৰে আৰক্ষীয়ে।
তেওঁলোকক নিৰ্যাতন আৰু পিছত মহিলাগৰাকীক হত্যা কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।উল্লেখযোগ্য যে পুলকিত আৰ্য্যৰ পিতৃ তথা বিজেপি নেতা বিনোদ আৰ্য্যক বিগত সময়ছোৱাত মাটি কলা বোৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। বৰ্তমান অভিযুক্তক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়া হৈছে।











