ৰাজস্থানত ৯২গৰাকী কংগ্ৰেছ বিধায়কৰ পদত্যাগ। মুখ্যমন্ত্ৰী অশোক গেহলোটৰ সমৰ্থনত থকা ৯২ জন বিধায়কে কৰিলে পদত্যাগ। সন্ধিয়াৰ ভাগত এই ৯২ বিধায়কে সদলবলে গৈ বিধানসভাৰ অধ্যক্ষ চি পি যোশীৰ ওচৰলৈ যায় পদত্যাগ পত্ৰ দাখিল কৰিবলৈ।
উল্লেখ্য যে কংগ্ৰেছৰ সভাপতিৰ বাবে মুখ্যমন্ত্ৰী অশোক গেহলোটে সন্মতি দিয়াৰ পিছতে ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাকে লৈ ৰাজ্যখনৰ কংগ্ৰেছ দলৰ মাজত ব্যাপক জল্পনা-কল্পনা চলি আছে। যুব নেতা শচীন পাইলটৰ নাম এই ক্ষেত্ৰত শীৰ্ষত আছে। সকলোৰে ধাৰণা শচিন পাইলটেই ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হ’ব।
ইয়াৰ মাজতে দেওবাৰে ৯২ বিধায়কৰ এই বিদ্ৰোহে কংগ্ৰেছ দলক নতুন বিপদৰ মাজলৈ ঠেলি দিছে।এই সংকট নিৰসণৰ বাবে ছোনিয়া গান্ধীয়ে অজয় মাকেন, মল্লিকাৰ্জূন খাৰ্গেৰ দৰে জ্যেষ্ঠ নেতাক বিধায়কসকলৰ সৈতে আলোচনা কৰাৰ বাবে ৰাজস্থানলৈ প্ৰেৰণ কৰিছে।খাৰ্গে আৰু মাকেনে প্ৰতিজন বিধায়কৰ সৈতে এজন এজনকৈ কথা পাতিব।
সমগ্ৰ বিষয়টোক লৈ অতি সোনকালে কংগ্ৰেছ দলৰ বিধায়কসকলৰ বৈঠক হ’ব।উল্লেখ্য যে ২০০জনীয়া ৰাজস্থান বিধানসভাত কংগ্ৰেছ আৰু মিত্ৰদলৰ আছে ১০৮ বিধায়ক। আনহাতে বিৰোধী বিজেপিৰ আছে ৭১ জন বিধায়ক।











