![]()
আজি ডিফুৰ কাছা খেল পথাৰত কাছা ফুটবল কোছিং চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত হয় উইণ্টাৰ পেনাল্টি শ্বুট আউট প্ৰতিযোগিতা৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফু এলেকাৰ মুঠ ২৩ টা দলে উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে৷
ইয়াৰে লৰাৰ ১৯ টা আৰু ছোৱালীৰ ৪ টা দল. খেল সমূহ পৰিচালনা কৰে ক্ৰমে, বিজয় ৰংহাঙ, আৰউইনছন কিলিঙ, ৰামু ইংহি হাৰছন ৰংফাৰে. প্ৰতিযোগিতাত ফুটবল সন্থাৰ সম্পাদক হৰেণছিং ইংতি আৰু কাছাৰ কাৰ্যকৰী সদস্য তথা প্ৰাক্তন ৰাজ্যিক খেলুৱৈ হেলেন ইংহিপীও উপস্থিত থাকে৷বাতৰি লিখা পৰলৈকে প্ৰতিযোগিতা চলি থকাৰ বাবে প্ৰতিযোগিতাৰ চূড়ান্ত ফলাফল লাভ কৰিব পৰা হোৱা নাই.













