![]()
তামিলনাডুত খাদ্যৰ বিষক্ৰিয়াৰ বাবে তিনিটা শিশুৰ মৃত্যু হয়। অসুস্থতাৰ বাবে আন ১১ গৰাকী শিশু চিকিৎসাধীন হৈ আছে। ইয়াৰে তিনিজনক ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)ত ৰখা হৈছে।
সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, বুধবাৰে নিশা তামিলনাডুৰ তিৰুপুৰত থকা এখন ক্ৰেচৰ শিশুকেইটা খাদ্য গ্ৰহণ কৰি অসুস্থ হৈ পৰে।
‘বিবেকানন্দ সেৱায়ম’ নামৰ ক্ৰেচখনত ৰাতিৰ আহাৰ খোৱাৰ পিছত কেইবাটাও শিশুৱে বমি কৰিবলৈ ধৰে। কিছুমান অচেতন হৈ পৰে। লগে লগে তেওঁলোকক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত যেতিয়া তেওঁলোকৰ অৱস্থা বেয়া হৈ পৰে, তেতিয়া তেওঁলোকক চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়।
সূত্ৰ অনুসৰি, বুধবাৰে নিশা শিশুকেইটাই ভাত খাইছিল। ইয়াৰ পিছত ১৪টা শিশু অসুস্থ হৈ পৰে। অনুমান কৰা হৈছে যে খাদ্যৰ বিষক্ৰিয়াৰ বাবে শিশুকেইটা অসুস্থ হৈ পৰিছিল।
এই ঘটনা সন্দৰ্ভত তিৰুপুৰৰ জিলা দণ্ডাধীশ বিনিতে কয় যে এই ক্ৰেচৰ সুনাম আছে। কিন্তু কেনেকৈ এই ঘটনা সংঘটিত হʼল তাৰ তদন্ত চলি আছে। আৰক্ষী, শিশু সুৰক্ষা বিভাগে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।











