ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ আজি সন্ধিয়া বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত সংঘটিত এক পথ দুৰ্ঘটনাত সঞ্জীৱ ঠাকুৰ (২২) নামৰ এজন যুৱকৰ ঘটনাৰ থলীতে মৃত্যু হয়। মটৰ চাইকেল চলাই অহা মৃত সঞ্জীৱ ঠাকুৰে যোগে পেগু (৩৭) নামৰ এগৰাকী মহিলাক খুন্দা মাৰি গুৰুতৰ ভাবে আহত কৰে। মদন ঠাকুৰৰ পুত্র সঞ্জীৱ ঠাকুৰ বোকাখাত থানাৰ অন্তৰ্গত বিহৰা অঞ্চলৰ বুলি জানিব পৰা গৈছে। আনহাতে গুৰুতৰভাৱে আহত বোকাখাতৰ দুই নম্বৰ ৱাৰ্ড নিবাসী জয় পেগুৰ পত্নী যোগে পেগুক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে সঞ্জীৱ ঠাকুৰৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে৷













