ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলা গৰুৰ চোৰাং ব্যৱসায়ৰ ঘাটিত পৰিণত হৈছে ৷ বহিঃৰাজ্যৰ লগতে বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ বাবে গৰু সৰবৰাহকাৰীৰ দলে নগাঁও বাইপাছ ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি গৰু সৰবৰাহ কৰি আহিছে ৷
আজি পুুুুৱা ১০.৪০ মান বজাত নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ তহলদাৰী আৰক্ষীয়ে ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি নগাঁও বাইপাছৰ উৰিয়াগাঁও অংশত অভিযান চলাই এএছ ২৩ বিচি ৮৩৭৮ নম্বৰৰ এখন ট্ৰাকত ধেমাজিৰ চিলাপথাৰৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিব বিচৰা গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে ট্ৰাকদুখনত ২৮ টা গৰু আছিল ৷ আৰক্ষীয়ে তিনিটা গৰু সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গৰু সৰবৰাহকাৰী কেইটা হ’ল মৈৰাবাৰীৰ সুৰুজ আলি, আফাজুদ্দিন আৰু হাচান আলি ৷ এই গৰু সৰবৰাহকাৰী কেইটাৰ বিৰুদ্ধে নগাঁঁও সদৰ থানাত এক গোচৰ ৰজুু হৈছে ৷
একাংশ এজেণ্টৰ জৰিয়তে মেঘালয়ৰ চোৰাং গৰু ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি এনেদৰে গৰু সৰবৰাহ কৰি আহিছে আৰু এই গৰুবোৰ মেঘালয়ৰ লগতে চুবুৰীয়া বাংলাদেশলৈ পঠিয়াই আছে ৷













