![]()
গিনিছ বুকত নাম লিপিবদ্ধ কৰিব বিচাৰে ৰাম জন্মভূমিৰ। উত্তৰ প্রদেশ চৰকাৰৰ আশা, এই বছৰ দীপাৱলীতেই এই ইচ্ছা পূৰণ হ’ব। যোগী আদিত্যনাথ চৰকাৰে এইবছৰ ষষ্ঠতম দীপোৎসৱ পালন কৰিব অযোধ্যাত।
প্রতি বছৰৰ দৰে এইবছৰো ‘ৰাম কি পৈদি ঘাট’ৰ দুয়োপাৰে জ্বলিব লক্ষ লক্ষ মাটিৰ চাকি। অৱশ্যে ৰেকর্ড গঢ়াৰ লক্ষ্যৰে এইবাৰ ১২ লক্ষ মাটিৰ চাকি জ্বলোৱা হ’ব অযোধ্যাত। উক্ত চাকি জ্বলিব বহু সময় ধৰি। সংবাদ মাধ্যমৰ সূত্র মতে, প্রয়োজনত মাটিৰ চাকিত অধিক তেল ঢালিবলৈও কৃপনালি নকৰে উত্তৰ প্রদেশ চৰকাৰে।
উল্লেখ্য, অযোধ্যাত ইতিমধ্যেই আৰম্ভ হৈছে দীপোৎসৱৰ প্রস্তুতি। ২৪ অক্টোবৰত কালীপূজা। তাৰ পূৰ্বে ২২ অক্টোবৰৰ পৰাই দেশজুৰি আৰম্ভ হ’ব দীপাৱলীৰ উৎসব। অযোধ্যাত যোগী চৰকাৰে দীপোৎসৱ পালন কৰিব ২৩ অক্টোবৰ সন্ধ্যা।











