![]()
তেলেংগানা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে মাওবাদী নেত্ৰী আলুৰী ঊষা ৰাণী ওৰফে ভানু দিদীয়ে। তেওঁক বিজয়ক্কা আৰু পোচক্ক বুলিও জনা যায়। শনিবাৰে তেলেংগানাৰ ডিজিৰ ওচৰত আত্মসমৰ্পণ কৰে ৫৩ বছৰীয়া মাওবাদী নেত্ৰীগৰাকীয়ে।
তেলেংগানাৰ গুণ্টুৰ জিলাৰ তেনালী অঞ্চলৰ বাসিন্দা ঊষা ৰাণী মাওবাদীৰ দণ্ডকৰণ্য খণ্ড সমিতিৰ সদস্য আছিল। আত্মসমৰ্পণৰ কাৰণ হিচাপে তেওঁ এটা বিবৃতি দি কয় যে সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে সমাজখন সলনি কৰাৰ তেওঁৰ সপোন বাস্তৱায়িত নহʼল। তাৰ বাহিৰেও তেওঁৰ শৰীৰৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছে বুলিও দাবী কৰে।
প্ৰাক্তন মাওবাদী নেত্ৰীগৰাকীয়ে বিবৃতিটোত দাবী কৰিছে যে তেওঁ মাওবাদীৰ হৈ বাষ্টাৰৰ দায়িত্বত থকা নেতাগৰাকীক তেওঁৰ চিকিৎসাৰ বাবে অনুৰোধ জনাইছিল। কিন্তু লুকাই থকাৰ সময়ত সেয়া যে কাৰ্যত অসম্ভৱ আছিল সেই কথা উপলব্ধি কৰি ২০১৯ চনত আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত লয়। ঊষা ৰাণীয়ে কয় যে তেওঁ নিজৰ জীৱনৰ বাকী সময়খিনি পৰিয়ালৰ সৈতে শান্তিৰে কটাব বিচাৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, এইগৰাকী প্ৰাক্তন মাওবাদী নেত্ৰী তেলেংগানা আৰু ছত্তীশগড়ত কেইবাটাও হিংসাত্মক কাৰ্যকলাপত জড়িত আছিল। লুকাই থকা অৱস্থাত তেওঁৰ নিৰ্দেশত অৰ্ধসামৰিক বাহিনীৰ ওপৰত ৫টা আক্ৰমণ সংঘটিত হয়। চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে।
তেলেংগানা আৰক্ষীৰ ডিজি মহেন্দ্ৰ ৰেড্ডীয়ে ঊষা ৰাণীয়ে হিংসাত্মক পথ এৰি মূলসুঁতিলৈ ঘূৰি অহাৰ সিদ্ধান্তক আদৰণি জনায়। সুস্থ জীৱন যাপন কৰাৰ বাবে তেওঁক প্ৰথমতে ৫০ হাজাৰ টকা দিয়া হৈছিল বুলিও তেওঁ কয়। পিছত তেওঁক চৰকাৰী পেকেজ অনুসৰি অধিক টকা দিয়া হʼব।











