![]()
বিশ্বনবী হজৰত মহম্মদৰ (দ:)ৰ জন্ম বাৰ্ষিকী উপলক্ষে সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি ডিফু মছজিদ প্ৰাঙ্গনত ডিফু ফাতেহা ই দোৱাজ দহম উদযাপন সমিতিৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফাতেহা ই দোৱাজ দহম সফল ভাবে উদযাপন কৰা হৈছে ৷
এই উপলক্ষে প্ৰথম দিনাৰ কাৰ্যসূচী মতে শুভাৰম্ভ হয় কেৰাত পাঠ আৰু মাংগলিক দোৱাৰে ৷ তাৰ পিছত ক্ৰমান্বয়ে চেমনীয়া শিশু সকলৰ মাজত ক্ৰমে, কেৰাত পাঠ, কোৰাণ পাঠ, ইছলামিক কুইজ, জানাজা নামাজ, আজান, ৰচনা, আকষ্মিক বক্তৃতা আৰু চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ৷
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ডিফু মছজিদ কমিটিৰ সাধাৰণ সম্পাদক মজাহাৰুল ইছলামে কয়যে,প্ৰতিযোগিতাশীল পৃথিৱীখনত নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে সমাজত সকলোৰে সৈতে সমভাৱে আগবাঢ়ি যাবলৈ আৰু উঠি অহা প্ৰজন্মক আগবাঢ়ি যাবলৈ চেমনীয়া সকলৰ মাজত এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতা পাতি আগবঢ়াই নিয়াৰ প্ৰচেষ্টা কৰা হৈছে ৷
আনহাতে কালিলৈ দেওবাৰে অনুষ্ঠিত হবলগীয়া কাৰ্যসূচীৰ অন্তত সন্ধিয়া মাগৰিবৰ নামাজৰ পিছত সন্মানীয় অতিথি হিছাপে প্ৰাক্তন শ্বাইখুল হাদিচ (জয় নগৰ) জামিয়া দাৰুল হাদিচ জয়নগৰ আৰু জালালীয়া মাদ্ৰাছা হোজাইৰ আলহাজ হজৰত মৌলানা ছামছুদ্দিন মজাহিৰিয়ে বৈদ্ধিক দিশ সামৰি ইছলামৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত উপস্থিত ৰাইজক সম্বোধি সাৰুৱা ওৱাজ নচিহত (ভাষণ)প্ৰদান কৰে বুলি জানিবলৈ দিছে ৷
ফাতেহা ই দোৱাজ দহমৰ পৱিত্ৰ ক্ষণত ৰাইজৰ মাজত সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰী ডাল কটকটীয়া হোৱাৰ কামনা কৰে সম্পাদক গৰাকীয়ে ৷ আনহাতে বিভিন্ন প্ৰতিযোগিতাত দক্ষ আৰু বিচক্ষণ বিচাৰপতিৰ সন্মূখত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বিজয়ী হোৱা শিশু সকলক ডিফু মছজিদ কমিটিৰ সভাপতি আলহাজ তাজ উদ্দিন আলীৰ উপস্থিতিত পুৰস্কৃত কৰে বুলিও জানিব দিছে সম্পাদক মজাহাৰুল ইছলামে ৷













