![]()
মুলায়ম সিং যাদৱৰ অন্তিম যাত্ৰাত চেফাইত অগণন লোকৰ অংশগ্ৰহণ। সকলোৱে অন্তিম দৰ্শন কৰিব বিচাৰে নেতাজিক। অন্তিম শায়নত আছে সমাজবাদী পার্টিৰ প্রতিষ্ঠাতাৰ মৃতদেহ। চৌদিশে শ্লোগান উঠিছে ‘নেতাজি অমৰ ৰহে’।
উল্লেখ্য, সোমবাৰে মৃত্যু হয় বর্ষীয়াণ নেতাজনৰ। শেষকৃত্যৰ বাবে তেওঁৰ মৃতদেহ লৈ যোৱা হৈছে পৈতৃক ভেটিলৈ। মুলায়মৰ মৃত্যুত তিনি দিনৰ শোক ঘোষণা কৰিছে উত্তৰ প্রদেশ চৰকাৰে। আজি সম্পূৰ্ণ ৰাষ্ট্রীয় মর্যাদাৰে সম্পন্ন হয় তেওঁৰ শেষকৃত্য।
সম্পূৰ্ণ ৰাষ্ট্রীয় সন্মানৰ শেষকৃত্যৰ অংশ হিচাবে মুলায়মৰ মৃতদেহ ঢাকি থোৱা হয়ে ত্ৰিৰংগ পতাকাৰে। মুলায়মক শেষ শ্রদ্ধা জনাবলৈ আজি চেফাইত উপস্থিত হয় মধ্য প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী কমল নাথ, ছত্রিশগড়ৰ মুখ্যমন্ত্রী ভুপেশ বাঘেল, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং, জয়ৰাম ঠাকুৰ, চন্দ্রবাবু নাইডু, কেশব মৌর্য, ব্রজেশ পাঠকসহ একাধিক শীর্ষ স্থানীয় নেতা-নেত্রীবৃন্দ। চেফাইত উপস্থিত হয় অভিষেক বচ্চন আৰু জয়া বচ্চন। পৈতৃক গাঁৱত শেষকৃত্য সম্পন্ন হয় মুলায়মৰ।











