![]()
ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অন্তৰ্গত কাৰবি আংলং নেহৰু যুৱ কেন্দ্ৰ, ডিফুৰ উদ্যোগত অহা ১৯ অক্টোবৰত ডিফুৰ ৰাংছিনা ছাৰপ’ কালচাৰেল হলত অনুষ্ঠিত কৰা হব জিলা ভিত্তিক যুৱ উৎসৱ ৷
আজি ডিফুস্থিত নেহৰু যুৱ কেন্দ্ৰৰ কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে কাৰবি আংলং নেহৰু যুৱকেন্দ্ৰ ডিফুৰ একাউণ্ট এণ্ড প্ৰগ্ৰাম ছুপাৰভাইজাৰ অমৰ চন্দ্ৰ চৌহান আৰু অৱসৰ প্ৰাপ্ত একাউণ্ট এণ্ড প্ৰগ্ৰাম ছুপাৰ ভাইজাৰ পুতুল সিনহা আৰৱ কাৰবি আংলং পৰ্বতাৰোহী সন্থাৰ সভাপতি খৰছিং তেৰাঙে ৷
বিষয়া তিনি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়যে, ভাৰত চৰকাৰে প্ৰতিখন জিলাৰ যুৱক সকলৰ মাজৰ প্ৰতিভা বিকাশৰ সন্ধানৰ বাবে জিলা ভিত্তিক যুৱ উৎসৱৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিখন জিলাত যুৱক সকলৰ মাজত বিভিন্ন প্ৰাইজমনি প্ৰতিযোগিতা অনুষ্ঠিত কৰি জিলা পৰ্যায়ৰ পৰা ক্ৰমে ৰাজ্যিক পৰ্যায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰতিযোগী নিৰ্বাচিত কৰি যুৱক যুৱতী সকলৰ মানসিক উৎকৰ্ষ বিকাশৰ লগতে নগধ ধনেৰে পুৰষ্কৃত কৰা হব বুলি জানিবলৈ দিছে ৷
এইলৈ ডিফু ৰাংছিনা ছাৰপ’ কালচাৰেল হলত অনুষ্ঠিত হব লগীয়া যুৱ উৎসৱত জিলাখনৰ যুৱক-যুৱতী সকলে ক্ৰমে, “ঐতিহ্য আৰু শিপাকলৈ গৌৰৱ কৰো আহক” থীম হিছাপে লৈ ১৫ বছৰৰ পৰা ২৯ বছৰলৈকে যুৱক- যুৱতী সকলে যুৱ লেখক প্ৰতিযোগিতা,যুৱ শিল্প
প্ৰতিযোগিতা(পেইন্টিং),ফটো গ্ৰাফী, বক্তৃতা প্ৰতিযোগিতা আৰু জিলা যুৱ অধিৱেশন অনুষ্ঠিত কৰা হব ৷ ইচ্ছুক প্ৰতিযোগী সকলক ডিফুস্থিত নেহৰু যুৱ কেন্দ্ৰৰ কাৰ্যালয়ত যোগাযোগ কৰি প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণৰ যাৱতীয় নীয়ম – নিতীৰ বিষয়ে অৱগত হবলৈ সংবাদমেলযোগে জানিবলৈ দিছে ৷













