![]()
সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে কেৰালাত।কেৰালাৰ অভিযুক্ত দম্পতীয়ে বলি দিয়াৰ পিছত দুগৰাকী মহিলাৰ মাংস ৰান্ধি খালে! ইতিমধ্যে আৰক্ষীয়ে এই গোচৰত মহম্মদ ছফী নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। দম্পতী ভাগবল সিং আৰু লাইলাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে, এই ঘটনাৰ মূল অভিযুক্ত হৈছে ছফী।
ছফীয়ে প্ৰথমবাৰৰ বাবে যোৱা জুন মাহত এৰ্নাকুলামৰ পৰা ৰোজলিনক টকাৰ বাবে অপহৰণ কৰিছিল। ইয়াৰ পিছত সিঙে তেওঁক দম্পতীহালৰ ঘৰলৈ আনে। তাতেই তেওঁক বন্দী কৰি ৰখা হৈছিল। ছেপ্টেম্বৰ মাহত পদ্মা নামৰ আন এগৰাকী মহিলাকো একেদৰে ছফীয়ে অপহৰণ কৰিছিল। তেওঁকো দম্পতীহালৰ ঘৰলৈ লৈ আহিছিল।
আৰক্ষীয়ে গম পায় যে ছফীয়ে ৰোজলিন আৰু পদ্মাক পৰ্ণগ্ৰাফী কৰাৰ টোপ দি প্ৰলোভিত কৰিছিল। কেৱল সেয়াই নহয়, দুয়োকে বহুত টকাৰে প্ৰলোভিত কৰা হৈছিল। একে সময়তে ছফীয়েও সিংহ দম্পতীক বুজাই দিলে যে যদি তেওঁলোক ধনী হʼব বিচাৰে তেন্তে নৰবলি দিব লাগিব। আৰু তাৰ বাবে তেওঁ চিকাৰ ধৰি দিবলৈও সাজু। আৰু তাৰ পিছত আৰম্ভ হয় চিকাৰ ধৰাৰ পাল।
আৰক্ষীয়ে জনোৱা মতে, ৰোজলিন আৰু পদ্মাক হেণ্ডকাফ লগোৱা হয়। তাৰ পিছত তেওঁলোকক ডিঙি চেপি হত্যা কৰা হয়। ইয়াৰ পিছত দুয়োৰে স্তন কাটি দিয়া হʼল। মৃতদেহৰ পৰা সমস্ত তেজ নিষ্কাশন কৰাৰ পিছত মৃতদেহ দুটাক টুকুৰা টুকুৰ কৰি লোৱা হয়। ইয়াৰে এজনৰ ৫৬টা টুকুৰা কৰা হৈছিল। কেৱল সেয়াই নহয়, অভিযুক্ত দম্পতীহালে ধনী হʼবলৈ ছফীৰ কথাত সেই মাংসও খাইছিল। এয়া আৰক্ষীৰ সন্দেহ। ইয়াৰ পিছতে অভিযুক্তই মহিলা দুগৰাকীৰ বাকী মৃতদেহ তিনিটা গাঁতত পুতি পেলায়।
কোচিৰ আৰক্ষী অধীক্ষক চি এইচ নাগৰাজুৱে কয়, “অভিযুক্তই মহিলা দুগৰাকীক হত্যা কৰাৰ পিছতে মাংস খোৱা বুলি সন্দেহ কৰা হৈছে। তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে বিষয়টো স্পষ্ট হৈ পৰিব।”
অভিযুক্ত পেছাত এজন থেৰাপিষ্ট। আৰক্ষীয়ে জানিব পাৰিছে যে ভাগবল আৰু তেওঁৰ পত্নী লাইলা নিজৰ ভাগ্য সলনি কৰিবলৈ হতাশ হৈ পৰিছিল। আৰু সেইটোৱেই ছফীক লগ পোৱাৰ সুযোগ। তাৰ পিছত ছফীয়ে তেওঁলোকক নৰবলি দিবলৈ পৰামৰ্শ দিয়ে।











