ASSAM TIMES POST
নগাঁওঃ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ চেতনা-প্ৰৱাহক ৰাজ্যৰ চুকে-কোণে বিয়পাই দিয়াৰ লগতে চেমনীয়াৰ সৃষ্টিশীলতাক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰে আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ কৰ্মী সকলৰ অন্যতম উমৈহতীয়া অনুষ্ঠান আছাম ট্ৰিবিউন স্পৰ্টচ ক্লাৱৰ উদ্যোগত অহা ১০ নৱেম্বৰত অসমৰ ৩০ টা কেন্দ্ৰত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হব।
নগাঁও জিলাত দুটা কেন্দ্ৰ ক্ৰমে নগাঁও চহৰস্থিত ৰেনেছাঁ মাধ্যমিক বিদ্যালয় আৰু ৰহা বজাৰস্থিত আদৰ্শ শিশু বিকাশ কেন্দ্ৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হব।অহা ১০ নৱেম্বৰৰ দিনৰ ১১ বজাত দুটা শাখাত উক্ত প্ৰতিযোগিতা অনুষ্ঠিত হব।’ক’ শাখা-(পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী)ৰ বিষয় হৈছে- ‘মোৰ উৰিবৰ মন’ আৰু ‘খ’ শাখা(নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী)ৰ বিষয় হৈছে- ‘বিজ্ঞানৰ অগ্ৰগতি’।উভয় শাখাতে প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে ১৫ হেজাৰ,১০ হেজাৰ আৰু ৭ হেজাৰ টকাৰে পুৰস্কৃত কৰা হব।
তদুপৰি চতুৰ্থৰ পৰা দশম স্থান প্ৰাপ্ত প্ৰতিযোগীসকলক এহেজাৰ টকাকৈ প্ৰদান কৰা হব।প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব বিচৰা প্ৰতিযোগী সকলে ২৭ অক্টোবৰৰ পৰা ৮ নৱেম্বৰ পৰ্যন্ত ‘দৈনিক অসম’ কাকতত প্ৰকাশিত প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰিব।অংশগ্ৰহনকাৰী সকলে আৰ্ট পেপাৰকে ধৰি অংকন সামগ্ৰী নিজে আনিব লাগিব।প্ৰতিযোগিতাৰ অন্য কোনো ভৰ্তি মাচুল নাই। কেৱল প্ৰতিযোগী সকলে ‘দৈনিক অসম’ কাকতত প্ৰকাশিত প্ৰপত্ৰ সংগ্ৰহ কৰি জমা দিলেই হব ।
প্ৰপত্ৰৰ ফটোষ্টেট কপি গ্ৰহন কৰা নহয়।প্ৰতিযোগিতাত প্ৰশংসিত ছবি সমূহ ‘দৈনিক অসম’ আৰু দ্যা আছাম ট্ৰিবিউন’ কাকতত পৰ্যায়ক্ৰমে প্ৰকাশৰ ব্যৱস্হা কৰা হব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। নগাঁও চহৰত ৰেনেছাঁ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিতব্য প্ৰতিযোগিতা উদ্বোধন কৰিব ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰা বিশিষ্ট তথ্য চিত্ৰ নিৰ্মাতা-পৰিচালক পাৰ্থজিৎ বৰুৱাই।সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি,নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা।নগাঁৱত প্ৰতিযোগিতা তদাৰক কৰিব শিশু বন্ধু দুলাল বৰা আৰু সমাজকৰ্মী বিৰিঞ্চি বৰাই।ইপিনে ৰহাত প্ৰতিযোগিতা উদ্বোধন কৰিব চক্ৰ বিষয়া পল্লৱী কছাৰীয়ে।তদুপৰি বিশিষ্ট অতিথি হিচাপে উপ আৰক্ষী অধীক্ষক মানস শইকীয়া, ৰহা মীন মহাবিদ্যালয়ৰ ডীন ডঃ কৃষ্ণকান্ত তামুলী,ৰহা পৌৰসভাৰ সভাপতি ধ্ৰুৱ দাস,আৰক্ষী বিষয়া লক্ষ্মণ দাস উপস্থিত থাকিব।R প্ৰতিযোগিতা পৰিচালনা কৰিব অৱনী শইকীয়া আৰু ৰণ্টু মুদৈয়ে।ইচ্ছুক অংশগ্ৰহনকাৰী সকলে ‘দৈনিক অসম’ৰ নগাঁও জিলাৰ বাতৰি দিওঁতা চন্দনজ্যোতি বৰাৰ ৭০০২১৭৪২৯০ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।













