![]()
কাৰ্বি আংলঙৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ উদ্যোগত তথা অসম সাহিত্য সভাৰ সহযোগত আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ উপস্থিততে ৰংবং তেৰাঙৰ জীৱনাদৰ্শন তথা কৰ্মৰাজিৰ ওপৰত আয়োজন কৰা হয় এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। ৰংবং তেৰাঙৰ জীৱনাদৰ্শন তথা কৰ্মৰাজিৰ ওপৰত এই আলোচনা চক্ৰত আলোকপাত কৰা হয়।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ তথা বিশিষ্ট লেখিকা ও অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালীনী দেৱী, ৰিচাৰ্ড টকবি, ৰমানন্দন বৰা, অদিতি বেজবৰুৱা, ডঃ জ্যোতিৰেখা হাজৰিকা, শ্বেখ মজবুল ইছলাম, যাদৱ শৰ্মাকে বহু কেইজন অসম সাহিত্য সভাৰ বিষয় ববীয়া আৰু বহু কেইজন লেখক- লেখিকা।
পুৱা ৮.৪৫ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা এই আলোচনা চক্ৰত কাৰ্বি সংস্কৃতিৰ বিভিন্ন নৃত্য গীতেৰ মাজেৰে দিন যোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। মূলতঃ সাহিত্যিক ৰংবং তেৰাঙক জীৱন্ত অৱস্থাতে সন্মান তথা ৰাষ্ট্ৰীয় দৰবাৰত মৰ্যাদা প্ৰদানৰ প্ৰয়াস কৰাৰ বাবেই এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আয়োজন কৰা হয় বুলি জানিব দিয়ে আয়োজক সকলে ।













