![]()
ভিজিলেন্স ব্যুৰোৱে পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী সুন্দৰ শ্যাম অৰোৰাক গ্ৰেপ্তাৰ কৰে। এ আই জি মনমোহন কুমাৰক ৫০ লাখ টকা উৎকোচ দিয়ে প্ৰাক্তন মন্ত্ৰী সুন্দৰ শ্যাম অৰোৰাই। জানিব পৰা মতে, প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত এফ আই আৰ ৰুজু কৰা হৈছে আৰু অভিযুক্তৰ পৰা ৫০ লাখ টকা উৎকোচ ধন উদ্ধাৰ কৰা হৈছে।
ভিজিলেন্স ব্যুৰো পঞ্জাৱৰ মুখ্য সঞ্চালক ভি কুমাৰে সংবাদ মাধ্যমত জনোৱা অনুসৰি, “আমাৰ দলটোৱে সুন্দৰ শ্যাম অৰোৰাক উৎকোচ দি থকাৰ সময়ত হাতে-লোটে ধৰি ৮ নং ধাৰা (দুর্নীতি প্ৰতিৰোধ আইন)ৰ অধীনত গ্ৰেপ্তাৰ কৰিছে আৰু হৈছে ৫০ লাখ টকাৰ উৎকোচৰ ধনৰাশি উদ্ধাৰ কৰিছে। আমি আজি অভিযুক্ত প্ৰাক্তন মন্ত্ৰীজনক আদালতত হাজিৰ কৰিম আৰু জেৰাৰ বাবে ৰিমাণ্ড বিচাৰিম।”
ভিজিলেন্স ব্যুৰোৰ মুখ্য সঞ্চালক বৰিন্দৰ কুমাৰে কয় যে, অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত তদন্তৰ সন্মুখীন হৈ থকা প্ৰাক্তন মন্ত্ৰী এছ এছ অৰোৰাই যোৱা ১৪ অক্টোবৰত এ আই জি মনমোহন কুমাৰক সাক্ষাৎ কৰে আৰু তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা ভিজিলেন্স তদন্তত অনুকূলতা বিচাৰি উৎকোচ প্ৰদান কৰে।
পৰৱৰ্তী ১৫ অক্টোবৰত ৫০ লাখ টকা দিয়াৰ লগতে বাকী থকা ধনৰাশি পিছলৈ দিয়াৰ প্ৰস্তাৱ দিয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। ৫০ লাখ টকা লৈ তেওঁ আহি মোহালীত উপস্থিত হয়।অৰোৰাক জিৰাকপুৰৰ কাছমো মলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছতে শনিবাৰে নিশা প্ৰায় ১১ বজাত ভিজিলেন্সৰ এটা দলে তেওঁৰ হোছিয়াৰপুৰৰ ঘৰত উপস্থিত হৈ ২:৩০ ঘণ্টা তালাচী অভিযান চলায়।
পঞ্জাৱৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী সাধু সিং ধৰ্মসত, ভাৰত ভূষণ আশ্বুকে ধৰি কেইবাজনো নেতাক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। বহু প্ৰাক্তন মন্ত্ৰী ভিজিলেন্সৰ ৰাডাৰত আছে বুলি প্ৰকাশ কৰিছে। কিছুদিন পূৰ্বে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ সৈতে সুন্দৰ শ্যাম অৰোৰাই বিজেপিত যোগদান কৰিছিল।











