![]()
সোমবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই মনীষ ছিছোদিয়াক কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। তাৰ পিছত আপে ক্ষোভ প্ৰকাশ কৰিলে। সোমবাৰে ছিছোদিয়াক গ্ৰেপ্তাৰ কৰা হʼব বুলি আম আদমী পাৰ্টীৰ অভিযোগ। আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা সৌৰভ ভৰদ্বাজে কয় যে গেৰুৱা শিবিৰে গুজৰাট নিৰ্বাচনৰ পূৰ্বে ছিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে।
অৱশ্যে এইটো প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ পূৰ্বেও ছিছোডিয়াক চিবিআইয়ে কেইবাবাৰো চমন কৰিছে। আপৰ হৈ আৰু নিজেও ছিছোদিয়াই ইতিমধ্যে জনাইছিল, তেওঁৰ ঘৰত দীঘলীয়া তালাচীৰ পিছতো তেওঁৰ বিৰুদ্ধে একো পোৱা নগʼল। আপ প্ৰধানে কয়, ছিছোদিয়াই একো কৰা নাই, সেইবাবেই একো পোৱা নগʼল। ছিছোদিয়াৰ গাঁৱৰ ঘৰতো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তালাচী চলাইছিল বুলি জানিব পৰা গৈছে।
দিল্লী-আবকাৰী গোচৰত সোমবাৰে তেওঁক পুনৰ চমন কৰা হৈছে। চমনৰ পিছত নিজেই নেতাগৰাকীয়ে কয় যে সোমবাৰে তেওঁক চমন কৰি পুৱা ১১ বজাত হাজিৰ হʼবলৈ কোৱা হৈছে। তৎক্ষণাত তেওঁ উপস্থিত থাকি তদন্তত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি কয়।
মনীষ ছিছোদিয়াৰ চমনৰ সন্দৰ্ভতো মুখ খুলিলে কেজৰিৱালে। তেওঁ ছিছোডিয়াৰ চমন সন্দৰ্ভত পুনৰ টুইট কৰি লিখিছে, এয়া দ্বিতীয় স্বাধীনতাৰ যুদ্ধ। এটা কাৰাদণ্ডই ভগত সিঙৰ দৃঢ়তাক জোকাৰিব নোৱাৰিলে। লগতে তেওঁ কয়, মনীষ ছিছোদিয়া আৰু সত্যেন্দ্ৰ জৈন আজিৰ ভগত সিং ।











