![]()
বিগত কিছুদিনৰ পৰা ডিফু চিকিৎসা মহাবিদ্যালয় এলেকাত চুৰি কাৰ্য্যৰে সন্ত্ৰাস চলাই থকা চাৰিটা চোৰ অৱশেষত আৰক্ষীৰ জালত পৰিল।
প্ৰাপ্ত খবৰ অনুসৰি ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ পৰা মেডিকেল সামগ্ৰী ক্ৰমে, তামৰ তাৰ, অক্সিজেন সৰবৰাহী পাইপ চুৰি হোৱা সন্দৰ্ভত মেডিকেল কৰ্তৃপক্ষই ডিফু আৰক্ষীয়ে অভিযোগ দাখিল কৰাৰ পিছত আজি ডিফু আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া জেএছ খবুঙে এক অভিযান চলাই চাৰিটা চোৰক আটক কৰিবলৈ সক্ষম হয়।
চোৰ কেইটাৰ পৰা আৰক্ষীয়ে তামৰ তাঁৰৰ বন্দিল, অক্সিজেন সৰবৰাহী পাইপ, কাটাৰ আৰু স্ক্ৰু ড্ৰাইভাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।এই সন্দৰ্ভত ডিফু থানাত ৮৫/ ২০২২ নম্বৰত এক গোছৰ ৰুজো দি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
আটকাধীন চোৰ কেইটা ক্ৰমে,মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মন্নাছ আলি,হৰিলালবস্তিৰ অনাৰুল হক,ৰঙনিহান পথাৰৰ জাকিৰ হুছেইন আৰু ধৰমনলাৰ ৰাজীৱ আলি বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।












