![]()
ডিফু চহৰৰ মাজেৰে বৈ যোৱা ডিফু নৈৰ সৌন্দৰ্যবৰ্দ্ধৰ কামৰ পিছতেই এইবাৰ কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ চিইএম ডঃ তুলিৰাম ৰংহাঙে হাতত লৈছে ডিফু চহৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে আন এক প্ৰশংসনীয় কাম।
ডিফু চহৰক স্মাৰ্ট চিটি হিছাপে গঢ়়ি তুলিবলৈ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে এখোজ আগুৱাই গৈ এইবাৰ ডিফুৰ ছেমছনছিং ইংতি মেমৰিয়েল পাৰ্ক তথা ডিফু চহৰৰ হৃদয়স্থলীত থকা ডিফু লেক’ৰ উন্নীত কৰণৰ মানসেৰে অত্যাধুনিক সা সুবিধা থকা এখন লেক’ৰ আধাৰশিলা স্থাপন কৰে ডঃ তুলিৰাম ৰংহাঙে।
এই উপলক্ষে উক্ত স্থানত যথা ৰীতি নিতীৰে লেকটোৰ বাবে ভূমি পূজনো সম্পন্ন কৰা হয়. সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত চিইএম ডঃ তুলিৰাম ৰংহাঙে কয়যে, এমঅ’এছ অন্তৰ্গত বিশেষ পূঁজীৰ জৰিয়তে ১৬ কোটি টকা ব্যয় সাপেক্ষে আজি ডিফু চহৰৰ মাজত অত্যাধুনিক সা সুবিধাৰ উক্ত লেক খনৰ উন্নীতকৰণ কৰিবলৈ ভূমি পূজন সম্পন্ন কৰি ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছে।
ইয়াৰ মেৰামতিৰ কাম এবছৰৰ ভিতৰতে সম্পন্ন কৰা হব বুলি কয়. আনহাতে উক্ত লেক’ত ব’টিং, কেফেটেৰিয়া, কটেজ, গাৰ্ডেন, আদিৰ সু ব্যৱস্থা উপলব্ধ থাকিব বুলিও মন্তব্য কৰে ৰংহাঙে।












