![]()
চিকিৎসালয়ত মিউজিক থেৰাপীৰে চিকিৎসা কৰা বা ভায়োলিন বা বাঁহী বজাই অস্ত্ৰোপচাৰ কৰাটো নতুন কথা নহয়। বিজ্ঞানীসকলে বহুতো গৱেষণামূলক প্ৰবন্ধত দেখুৱাইছে যে সংগীত আৰু স্নায়ুতন্ত্ৰৰ উদ্দীপনাৰ মাজত এক সম্পৰ্ক আছে। চিকিৎসা বিজ্ঞান আৰু জ্ঞান বিজ্ঞানত এই বিষয়ে বহু অধ্যয়ন হৈছে। যাৰ শেহতীয়া উদাহৰণ ৰোমৰ এখন চিকিৎসালয়ত পোৱা গৈছে। ব্ৰেইন টিউমাৰৰ অস্ত্ৰোপচাৰৰ সময়ত ৰোগীয়ে অপাৰেচন থিয়েটাৰত বজাই থাকিল ছেক্সোফোন।
আনহাতে, চিকিৎসকসকল তেওঁৰ মগজুৰ বিভিন্ন জটিল অংশত অপাৰেচন কৰাত ব্যস্ত হৈ আছে। তাৰ পিছতো তেওঁ শান্তভাৱে সত্তৰৰ দশকৰ আমেৰিকান ছবি ‘লাভ ষ্টৰীʼৰ পটভূমি সংগীত বজাই আছিল, একেৰাহে ন ঘণ্টা ধৰি। চিকিৎসকসকলৰ অৱশ্যে কোনো সমস্যা হোৱা নাছিল। বৰঞ্চ তেওঁলোকে কয় যে যিহেতু ৰোগীৰ মগজু সক্ৰিয় হৈ থাকে, সেয়েহে অস্ত্ৰোপচাৰ সম্পন্ন কৰাত ইয়াৰ বিভিন্ন অংশৰ ভূমিকা বুজি পোৱাটো তেওঁলোকৰ বাবে সুবিধাজনক আছিল।
মগজুৰ অস্ত্ৰোপচাৰৰ সময়ত ৰোগীক অচেতন নকৰাৰ এই প্ৰক্ৰিয়াটোক জাগ্ৰত অস্ত্ৰোপচাৰ বোলা হয়। যʼত অস্ত্ৰোপচাৰৰ সময়ত ৰোগীৰ মগজু সক্ৰিয় কৰি ৰাখিব লাগে। ৰোমৰ এখন চিকিৎসালয়তো মগজুৰ টিউমাৰ থকা ৰোগীজনৰ চিকিৎসাৰ বাবে জাগ্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছিল। সেয়ে আগতীয়াকৈ খবৰ দি কটা-চিঙাৰ কাম আৰম্ভ কৰে। চৰ্ত আছিল যে ৰোগীজন সজাগ হৈ থাকিব লাগে। টোপনি নাযাব বা চেতনা হেৰুৱাব নালাগে। ৯ ঘণ্টীয়া অস্ত্ৰোপচাৰৰ সময়ছোৱাত ৰোগীয়ে ছেক্সোফোন বজাবলৈ সিদ্ধান্ত লয়।
ইটালীৰ বাসিন্দা ৰোগীজনৰ সম্পূৰ্ণ নাম চিকিৎসালয়খনে প্ৰকাশ কৰা নাই। অৱশ্যে চিকিৎসালয়খনে তেওঁক চি জেড বুলি উল্লেখ কৰে। খবৰ অনুসৰি, তেওঁৰ বয়স ৩৫ বছৰ। ব্ৰেইন টিউমাৰত আক্ৰান্ত ইটালীৰ যুৱকজনে অপাৰেচনৰ সময়ত ছেক্সোফোন বজাবলৈ অপাৰেচনৰ পূৰ্বে চিকিৎসালয়ৰ পৰা অনুমতি বিচাৰিছিল।
তেওঁৰ অনুৰোধ আছিল যে তেওঁ নিবিচাৰে যে এই অস্ত্ৰোপচাৰৰ ফলত তেওঁৰ দক্ষতাৰ ক্ষতি হওক।গতিকে অস্ত্ৰোপচাৰৰ সময়ত তেওঁক ছেক্সোফোন বজাবলৈ সুযোগ দিয়া হয়, যাতে তেওঁৰ বজোৱাৰ দক্ষতা গঠন কৰা কোষবোৰ ভুলতে ধ্বংস নহয়।
চি জেডৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল ডাঃ ক্রিষ্টিয়ান ব্ৰোগোনা আৰু তেওঁৰ সতীর্থ চিকিৎসকৰ দলে৷ তেওঁ কয় যে এৱেক চাৰ্জাৰীত অপাৰেচনৰ সময়ত তেওঁলোকে ৰোগীসকলৰ সৈতে কথা পাতি মগজুৰ কোনো অংশ ক্ষতিগ্ৰস্ত হৈছেনে নাই সেইটো নিশ্চিত কৰে। কিন্তু এই ক্ষেত্ৰত তেওঁ একো কৰিবলগা নাছিল।
৯ ঘণ্টীয়া অস্ত্ৰোপচাৰৰ সময়ছোৱাত ৰোগীয়ে লাভ ষ্টৰী চিনেমাখনৰ বেকগ্ৰাউণ্ড মিউজিকৰ বিভিন্ন মুহূৰ্ত বজাইছিল। তাৰ পৰা তেওঁলোকে বুজি পায় যে তেওঁলোকৰ ছুৰী আৰু কেঁচিয়ে শুদ্ধ চিকিৎসা কৰিছেনে নাই!











