![]()
অসম সাহিত্য সভাৰ জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত ডিফুৰ লৰুলাংছ স্থিত ৰাংছিনা ভৱনত আজি উন্মোচন কৰা হয় জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ মাহেকীয়া পত্ৰিকা ”জনজাতীয় চৰ্চা ‘শীৰ্ষক মাহেকীয়া পত্ৰিকাখন।
ডিফুৰ ৰাংছিনা ভৱনৰ সভা কক্ষত আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙে ডঃ মনালিছা ৰংপিপি সম্পাদিত ”জনজাতীয় চৰ্চা ‘ মাহেকীয়া পত্ৰিকা খনৰ শুভ উন্মোচন কৰে. উন্মোচনী সভাখনৰ পৌৰোহিত্য কৰে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই।
উন্মোচনী সভাখনত উপস্থিত থাকে ক্ৰমে, পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কাৰবি লাম্মেট আমেইৰ আৰু অসম সাহিত্য সভাৰ ডিফু আঞ্চলিকৰ ৰাংছিনা ভৱনৰ সম্পাদক জয়ছিং টকবী, বিশিষ্ট সাহিত্যিক লুণছে তিমুং, অসম সাহিত্য সভাৰ কাৰবি আংলং জিলা সমিতিৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা আৰু কেইবাগৰাকী বিশিষ্ট সাহিত্যিক উপস্থিত থাকে।
পত্ৰিকাখন উন্মোচন কৰি দিয়া ভাষণত ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা আৰু পদ্মশ্ৰী ৰংবং তেৰাঙে কয়যে,’জনজাতীয় চৰ্চা ‘শীৰ্ষক পত্ৰিকাখনৰ কাম অতি নিৰৱে কৰা হৈছে. কাৰণ গৱেষণাবোৰ নিৰৱেই সাধন হয়. ই প্ৰশংসাৰ যোগ্য।
পত্ৰিকাখনত ১১ টাকৈ জনগোষ্ঠীৰ চৰ্চা কৰা হৈছে। এই পত্ৰিকাখন ভৱিষ্যত প্ৰজন্মৰ গৱেষক সকলৰ বাবে এক সম্পদ হৈ থাকিব, ইয়াত গৱেষণাৰ থল বিচাৰি পাব। আনহাতে ”জনজাতীয় চৰ্চা’শীৰ্ষক পত্ৰিকা খনৰ সম্পাদক ডঃ মনালিছা ৰংপিপীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, দুবছৰীয়া প্ৰচেষ্টাৰ অন্তত অসম সাহিত্য সভাৰ জনজাতীয় গৱেষণা প্ৰতিষ্ঠান দিয়া দায়িত্ব পালন কৰি বাৰ্ষিক গৱেষণা পত্ৰৰ দ্বিতীয়খন মাহেকীয়া পত্ৰিকা ‘জনজাতীয় চৰ্চা ‘ প্ৰকাশ কৰি উলিওৱা হৈছে. তাৰবাবে সকলো পক্ষকে কৃতজ্ঞতা জ্ঞাপন কৰে।












