![]()
সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাতো সোপাধৰা সন্দৰ্ভত আতংক বিৰাজ কৰি থকাৰ সময়ত এনে আতংকৰ পৰা হাত সাৰিবলৈ কাৰ্বি আংলং আৰক্ষীয়ে কেতবোৰ সজগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰিছে। তাৰ অংশ স্বৰূপে আজি ডিফু থানাৰ উদ্যোগত ডিফু লামডিং পথৰ ডক তেৰাং গাঁৱত এখনি সজাগতা সভা অনুস্থিত হৈ যায়।
উক্ত সভাত সোপাধৰা আতংক সন্দৰ্ভত ডিফু থানাৰ অচি জে এছ খবুঙে বিস্তৃত ভাবে ব্যাখ্যা কৰাৰ লগতে সোপাধৰাকলৈ ৰাইজক আতংকিত নহবলৈ আহ্বান জনায় । সোপাধৰাকলৈ কিবা ভুল বোজা বুজিব সৃষ্টি হলে তৎক্ষণাৎ আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায়।
উক্ত সজাগতা সভাখনত গাওঁৰক্ষী বাহিনীৰ ডিফু থানা কমিটীৰ সভাপতি হেমাৰি তিমুঙ আৰু উপ সভাপতি আব্দুল মতিন তালুকদাৰ লগতে স্থানীয় গাঁওবুঢ়া আৰু স্থানীয় প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ।













