![]()
নগাঁও জিলাৰ কঠিয়াতলীৰ টুবুকীত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। পত্নী আছমা খাতুনক ডেগাৰেৰে উপৰ্যুপৰি আঘাত কৰি পলায়ন কৰে স্বামী শ্বহীদ আলী। দীৰ্ঘদিন ধৰি চলি থকা পাৰিবাৰিক বিবাদৰ ফলতেই এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
প্ৰায় ১২/১৩ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা স্বামী-স্ত্ৰী হালে একেলগেই এঘাৰ মাইল নামে এখন হোটেলত কাম কৰি পৰিয়ালটো চলাই আছিল। কিন্তু ঘটনাটো সংঘটিত হোৱাৰ দিনটোত কামৰ পৰা এখন ই-ৰিক্সাৰে উভতি অহা সময়ত স্বামী ডেগাৰেৰে আঘাত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
লগে লগে ঘটনাস্থলীত উপস্থিত থকা লোকে গুৰুতৰ ভাৱে আহত আছমাক উদ্ধাৰ কৰি নগাওঁ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অৱস্থা সংকটজনক হোৱাত নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আছমাক। আনহাতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আক্ৰমণকাৰী স্বামী শ্বহীদৰ সন্ধানত নামি পৰিছে।











