ASSAM TIMES POST
ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰে’লনগৰী খ্যাত ৰঙাপৰাৰ থানা তিনিআলিত প্ৰস্তাবিত উৰণীয়া সেতু সন্ধৰ্ভত এক গুৰুত্বপূৰ্ণ সভা আজি গাৰ্ডেন কলনীস্থিত পূজা মণ্ডপত অনুষ্ঠিত হয়। সমাজ সেৱক নয়ন শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰদীপ দাসে।
সম্প্ৰতি চৰকাৰৰ দ্বাৰা আৰ ,এম ৭০ নম্বৰ ৰে’লৱে গেটত উৰণীয়া সেতু নিৰ্মাণ স্থানীয় ৰাইজৰ বহু দিনিয়া দাবী আছিল।কিন্তু বিগত কিছুদিন ধৰি স্থানীয় ৰাইজে এই সেতু নিৰ্মাণ চৰকাৰৰ এক টোঘলকী আচনি বুলি সমালোচনা কৰে। কিয়নো ৭০-৮০ বছৰ ধৰি ঠাইত বসবাস কৰি ব্যৱসায়, ঘৰ সংসাৰ পোহপাল দিয়া পৰিয়াল বোৰক গৃহহীন কৰি উচ্ছেদ কৰা যতনেকি মেপত কিছু সালসলনি কৰি সেতু নিৰ্মাণ কৰিব পৰা যায়।
সভাত উপস্থিত সমুহ ৰাইজে উৰণীয়া সেতু সন্ধৰ্ভত চৰকাৰক পুনৰ পৰ্যালোচনা কৰিবলৈ আহ্বান জনায়।সভাত ভোটাৰ ইন্টাৰনেছনেল দলৰ জীতেন্দ্ৰ শৰ্মাই চৰকাৰক এই সন্ধৰ্ভত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। সভাত অংশ গ্ৰহণ কৰি ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি সুনিল ম’ৰে কয় যে উৰণীয়া সেতু ৰঙাপৰা ৰাইজৰ বহু পুৰণি দাবী আৰু ৰাইজক উৰণীয়া সেতু লাগে ।তেওঁ নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে ৭১ নম্বৰ ৰে’লৱে গেটতো ভৱিষ্যতে উৰণীয়া সেতুৰ প্ৰয়োজন আছে।
বৰ্তমান ৭০ নম্বৰ ৰেলৱে গেটৰ নিৰ্মাণ নকৰি ৭১ নম্বৰ ৰে’লৱে গেট লৈকে উৰণীয়া সেতু নিৰ্মাণ কৰি উপ পথ দি ৭০ নম্বৰ পথক সংযোগ কৰিব পৰা যায়।যাৰ ফলত দুয়ো ৰেলৱে গেটৰ সমস্যা সমাধান হব তথা কোনো দুকান পাট বা গৃহ উচ্ছেদ কৰা পৰিস্থিতি নহয়। তেখেতে স্থানীয় প্ৰশাসন বিষয়টো গুৰুত্ব সহকাৰে লবলৈ আহ্বান জনায়। সভাত স্থানীয় ব্যৱসায়ী ৰাজেশ পাটোদিয়,ভুজপুৰি ছাত্র সন্থাৰ সভাপতি সুবোধ ঠাকুৰসহ আৰু প্ৰায় শতাধিক লোকে অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে।













