![]()
দুই কংগ্ৰেছ বিধায়ক ক্ৰমে শ্বেৰমান আলী আৰু শশীতান্ত দাসৰ আজি বিধায়ক পদ খাৰিজ হ’ব পাৰে। ইটোৰ পিছত সিটোকৈ বিতৰ্কিত মন্তব্য তথা কৰ্মকাণ্ডৰে শ্বেৰমান আলীয়ে বহুবাৰ কংগ্ৰেছ দলটোক বিপদত পেলাই অহাৰ লগতে কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন আৰু গৰুখুঁটিত চলা উচ্ছেদৰ সময়ত বিধায়ক আলীয়ে অসম আন্দোলনৰ শ্বহীদ সকলক অপমান কৰি কংগ্ৰেছ দলক বিতৰ্কৰ মাজলৈ টানি আনিছিল।
পৰৱৰ্তী সময়ত, দলটোৱে শ্ব’কজ জাৰি কৰি তেওঁক দলৰ পৰা নিলম্বন কৰে। আনহাতে, শশীকান্ত দাসক কংগ্ৰেছৰ বিপৰীতে বিজেপিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ বাবে দলৰ পৰা নিলম্বন কৰে। কংগ্ৰেছ দলৰ বিৰোধী দলপতি দেব্ৰৱত শইকীয়াই বিধায়কদ্বয়ৰ বিৰুদ্ধে পদ খাৰিজ কৰাৰ বাবে আৱেদন দাখিল কৰিছিল আৰু ইয়াৰ ভিত্তিতেই আজি অসম বিধানসভাত শুনানি চলি আছে।












