ASSAM TIMES POST
ডিব্ৰুগড়ঃ জিলা শিক্ষা আাৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ত ৩১ অক্টোবৰ তাৰিখে কলা শিক্ষাৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনী আৰু ‘এই মাহৰ অতিথি’ শীৰ্ষক শিক্ষামূলক অনুষ্ঠান অনুষ্ঠিত হয়। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ডি.এল.এড. প্ৰথম আৰু তৃতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলে অতিথি প্ৰবক্তা ৰক্তিম ডেকাৰ তত্ত্বাৱধানত প্ৰস্তুত কৰা মাটিৰ কাম আৰু ছবি সমূহ প্ৰদৰ্শন কৰে।

তিনিচুকীয়া ডায়েটৰ কলা শিক্ষাৰ প্ৰবক্তা সঞ্চিতা গগৈয়ে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। ‘এই মাহৰ অতিথি’ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থকা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰ্যাধ্যাপক ড০ মদন শৰ্মাই ইংৰাজী আৰু অসমীয়া ভাষা উচ্চাৰণৰ লগতে নিজৰ কৰ্মজীৱনৰ লগত জড়িত শিক্ষা অভিজ্ঞতাৰ বিষয়ে অৱগত কৰে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠানৰ অক্টোবৰ মাহৰ বাৰ্তালোচনীখনো উন্মোচন কৰা হয়। দিনটোৰ অন্তিম কাৰ্যসূচী হিচাপে ডায়েটৰ উচ্চ বৰ্গৰ কৰ্মচাৰী বিশেশ্বৰ কুমাৰক বিদায় সম্ভাষণৰ লগতে সম্বৰ্ধনা জনোৱা হয়।














