![]()
আজি এক গোপন তথ্যৰ আধাৰত খটখটি Khakhati আৰক্ষী থানাৰ অন্তৰ্গত মাটিপুল ৰেলৱে ক্ৰ’চিঙত চলা এক ড্ৰাগছ বিৰোধী অভিযানত এজন ব্যক্তিৰ পৰা ৬ কোটি 6 crore টকা বজাৰ মূল্যৰ ৬৮৫685 গ্ৰাম ওজনৰ ৫৫ টা চাবোনৰ বাকচত হেৰইন উদ্ধাৰ কৰা হয়।

বিষ্ণপুৰ মানিপুৰৰ অন্তৰ্গত কুৱাটা গাঁৱৰ নিবাসী তথা পেছাগত চালক নাৱাজ খানে ডিমাপুৰলৈ আহে যদিও আৰক্ষীৰ চেক পষ্ট এৰাই চলিবলৈ বোকাজান অঞ্চলত ডেলিভাৰী কৰিবলৈ খোজ কাঢ়ি আহে। সেই সময়তে, আৰক্ষীয়ে অভিযান চলাই ব্যক্তিগৰাকীক আটক কৰে।
উল্লেখ্য, বোকাজানৰ এছডিপিঅ’ৱে বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, চিআৰপিএফ চি-২০ আৰু আৰক্ষী জোৱানৰৰ সহায়ত এই অভিযান চলায়।













