![]()
৪০০ সংখ্যক 400 Years মহাবীৰ লাচিত বৰফুকনৰ Lachit Borphukan জন্মজয়ন্তী উপলক্ষে সমগ্ৰ ৰাজ্যত উদযাপিত হৈ থকা সপ্তাহজোৰা এলানি কাৰ্যসূচীৰ লগত সংগতি ৰাখি ডিফুত Diphu চেম্বাৰছ অফ কমাৰ্চৰউদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত চফায় অভিযান চলোৱা হয়।

আজি পুৱাৰ ভাগত ডিফু স্থিত চেম্বাৰছ অফ কমাৰ্চৰ কাৰ্য্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ হোৱা অভিযানত চেম্বাৰছ কমাৰ্চৰ সদস্য সকলৰ লগতে লুম্বাজং ইউথ টিম, কে এ ডবলিও জে এফ ৰ নেতা সদস্য কৰ্মী সকলেও অংশ গ্ৰহণ কৰি সহযোগিতা আগবঢ়ায় । শেষত ডিফুৰ এল আই চি কাৰ্যালয়ত সন্মুখত এখনি মুকলি সভা অনুষ্ঠিত হয় ।

উক্ত সভাত জিলা উপযুক্ত মধুমিতা ভাগৱতী, দণ্ডাধীশ কে জেমি, অতিৰিক্ত উপায়ুক্ত অমৃত প্ৰভা দাস , চেম্বাৰছ অফ কমাৰ্চৰ অধ্যক্ষ আগষ্টইন ক্ৰমচা আৰু কে এ ডব্লিউ জে এফৰ সভাপতি বিউলিত বেইপি উপস্থিত থাকে ।
নিজৰ ভাষণ প্ৰসংগত জিলা উপায়ুক্ত মধুমিতা ভাগৱতীয়ে কয় যে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ প্ৰতি সন্মান জনাই ডিফু চহৰ খনক অধিক পৰিস্কাৰ কৰিবলৈ চফাই অভিযান চলোৱা হৈছে । চেম্বাৰছ অফ কমাৰ্চে আজি চলোৱা চফাই অভিযানৰ বাবে প্ৰশংসাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে জিলা উপায়ুক্ত গৰাকীয়ে ।













